চিকিৎসাধীন হৈ থকা আত্মীয়ৰ খবৰ ল'ব যাঁওতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে

চিকিৎসাধীন হৈ থকা আত্মীয়ৰ খবৰ ল'ব যাঁওতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে

ডিজিটেল সংবাদ,দুমুনিচকী:- জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ থকা সম্পৰ্কীয় লোকৰ খবৰ ল'বলৈ গৈ প্ৰাণ হেৰুৱালে যুৱকে। মঙলবাৰে বাইহাটা চাৰিআলি গুৱাহাটী পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই হিন্দু মৈজালিৰ হৰিশ্চন্দ্ৰ ৰাজবংশী নামৰ যুৱকজন।

আজি দিনৰ প্ৰায় ৯.৩০ বজাত বাইহাটা চাৰিআলি গুৱাহাটী পথত (৩১নং ৰাষ্ট্ৰীয় ঘাইপথত) সংঘটিত হোৱা দুৰ্ঘটনাৰ খবৰ লাভ কৰি হিন্দু মৈজালি গাঁৱৰ লগতে মালিবাৰী বাসী লোক সকলো শোকস্তব্ধ হৈ পৰে। বিষয় সন্দৰ্ভত জানিব পৰা মতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত হিন্দু মৈজালি গাঁও নিবাসী হৰিশ্চন্দ্ৰ ৰাজবংশী (৩৭) আৰু ধীৰেণ চহৰীয়া (৩৫) উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন থকা সম্পৰ্কীয় লোকৰ খবৰ ল'বলৈ ঘৰৰ পৰা ৰাওনা হয়।

AS 25 L 6653 নম্বৰৰ বাইক এখনত গৈ থকা দুয়ো যুৱকে বাইহাটা চাৰিআলিৰে গৈ গুৱাহাটী পথত উঠিবলৈ লওঁতে একেটা দিশেৰে তীব্ৰ বেগত অহা AR 01 P 3970 নম্বৰৰ তেল পৰিবাহী এখন টেংকাৰে বাইকখনক মহতিয়াই থৈ পলায়ন কৰে। ফলত হৰিশ্চন্দ্ৰ ৰাজবংশীৰ থিতাতে মৃত্যু হোৱাৰ উপৰি ধীৰেণ দাস গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

টেংকাৰখনৰ গতি ইমানেই তীব্ৰ আছিল যে দুৰ্ঘটনাৰ ফলত বাইকখন প্ৰায় ২৫০ মিটাৰ দূৰলৈকে চোঁচৰাই লৈ যায়। প্ৰত্যক্ষদৰ্শী স্থানীয় লোকে দুৰ্ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীক অবগত কৰাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

আনহাতে আৰক্ষীয়ে আঘাতপ্ৰাপ্ত ধীৰেন চহৰীয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে। উল্লেখ্য যে মৃত হৰিশ্চন্দ্ৰ ৰাজবংশীৰ পত্নীৰ প্ৰায় ১২ দিন পূৰ্বে এটি কন্যা সন্তান জন্ম লাভ কৰিছিল। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা টেংকাৰখন আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে।

চিকিৎসাধীন হৈ থকা আত্মীয়ৰ খবৰ ল'ব যাঁওতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে
শাৰদ পাৱাৰৰ সিদ্ধান্তই সলনি কৰি দিব নেকি দেশৰ ৰাজনীতি? বিচাৰিছে ২-৩ দিন সময়

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in