/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5c114c67-4388-4d85-a94e-816dc904941f/su.jpg)
ডিজিটেল ডেস্ক: এক আত্মহত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। বিয়া হোৱাৰ এবছৰ নোহঁওতেই কিয় চৰম পন্থা বাছি ল'লে এগৰাকী বোৱাৰীয়ে এতিয়া ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
এই ঘটনা বজালী জিলাৰ কেণ্দুগুৰীৰ। জিলাখনৰ ভোটান্ত মহিতৰা গাঁৱৰ অশ্বিনী মেধী আৰু বিনু মেধীৰ একমাত্ৰ কন্যা যোৱা ৫ জুলাই ২০২২ত সৌৰভ পাটগিৰিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
কিন্তু বিয়াৰ প্ৰায় ৬ মাহৰ ভিতৰতে ২৬ জানুৱাৰী ২০২৩ ত চৰম পন্থা বাছি লয় ন-বিবাহিতা গৰাকীয়ে। দিন দুপৰতে সংঘটিত হোৱা এই কাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মহিলা গৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি এয়া এক হত্যা কাণ্ড । বহু দিন ধৰি মহিলা গৰাকীক স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰীক, মানসিক নিৰ্যাতন চলাই আহিছিল।
তদুপৰি যৌতুকৰো দাবী কৰিছিল। ইতিমধ্যে মহিলা গৰাকীৰ পৰিয়ালে ৫০,০০০ টকা দিছিল । কিন্তু ইয়াতে ক্ষান্ত নাথাকি অতিৰিক্ত ১ লাখ টকা দাবী কৰিছিল সৌৰভ পাটগিৰিৰ পৰিয়ালে।আনকি সৌৰভ পাটগিৰিৰ বিবাহিতা বায়েকেও চলাইছিল নিৰ্যাতন।
২৫ জানুৱাৰী সৰস্বতী পূজাৰ দিনা মহিলা গৰাকীয়ে ভনীয়েকক মাতি পঠিয়াইছিল। কিন্তু ঘৰত উপস্থিত হৈয়ে মহিলা গৰাকীৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে ভনীয়েকে। আনকি দুৱাৰ খন বাহিৰৰ পৰাও বন্ধ আছিল।
গতিকে এই ঘটনা হত্যা নে আত্মহত্যা এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীৰ পৰিয়ালে। গতিকে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।
আৰু পঢ়ক: গোৰ্খানাথ মন্দিৰ আক্ৰমণ: আহমদ মুৰ্তাজ আব্বাচীক মৃত্যুদণ্ড...