পাঠশালাৰ ভাগৱতী ক্ষেত্ৰৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত, ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ...

কৃষ্ণৰ ৰাস পূৰ্ণিমালৈ মাজত আৰু কেইটামান দিন বাকী

author-image
Asomiya Pratidin
New Update
পাঠশালাৰ ভাগৱতী ক্ষেত্ৰৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত, ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ...

bajali rass

ডিজিটেল ডেস্ক, বজালী : শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমালৈ মাজত আৰু কেইটামান দিন বাকী। সাজু হৈছে উজনিৰ পৰা নামনিলৈ প্ৰতিখন ৰাস মহোৎসৱৰ উদযাপন সমিতি।সাজু কৰি তোলা হৈছে মৃন্ময় মূৰ্তি সমূহ।

উল্লেখ্য যে বিভিন্ন কাৰিকৰী চমক দিবলৈ ইতিমধ্যে কোচবিহাৰ, চিলিগুড়ীৰ পৰা আহিছে শিল্পীসকল। বজালীৰ পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত ১৫ দিনীয়াকৈ ৭ তাৰিখৰ পৰা ২১ তাৰিখলৈ আয়োজন কৰা হৈছে শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ।

ৰাস মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকিব কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়ো।

assam bajali rass