দিব্যাংগক হুইল চেয়াৰ, সা সঁজুলি বিতৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ...

চৌখুটী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত এক গাম্ভৰ্য্যপূৰ্ণ অনুস্থানত সমাজকল্যাণ বিভাগ আৰু YRR ট্ৰষ্টৰ সহযোগত দিব্যাংগ লোকসকলৰ মাজত হুইল চেয়াৰ লগতে সা সঁজুলি বিতৰণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

author-image
Asomiya Pratidin
New Update
দিব্যাংগক হুইল চেয়াৰ, সা সঁজুলি বিতৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ...

ডিজিটেল সংবাদ, বজালী : শুকুৰবাৰে পাঠশালা ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱাগত ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ একো একোগৰাকী সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Advertisment

সঠিক ৰূপত অধ্যয়নৰ জৰিয়তেহে জীৱনত সফলতা লাভ কৰিব পাৰি ৷ সু-শিক্ষিত হৈ সমাজৰ বাবে কাম কৰিব পাৰিলেহে এখন সুস্থ সৱল সমাজ গঠন হয় ৷ এইদৰে মন্তব্য আগবঢ়াই কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

সভাত মন্ত্ৰী দাসে নৱাগত আদৰণি সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শুভকামনা জনায়।

আনহাতে, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে ৫৭ সংখ্যক জন্মদিনটোতে চৌখুটী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত এক গাম্ভৰ্য্যপূৰ্ণ অনুস্থানত সমাজকল্যাণ বিভাগ আৰু YRR ট্ৰষ্টৰ সহযোগত দিব্যাংগ লোক সকলৰ মাজত হুইল চেয়াৰ লগতে সা সঁজুলি বিতৰণ কৰে ।

উক্ত অনুস্থানটো আঁতধৰাৰ লগতে মন্ত্ৰী গৰাকীক জন্মদিনটোত চৌখুটী উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী সকলৰ ফালৰ পৰা কেক কাটি শুভেচ্ছা জ্ঞাপন কৰে চৌখুটি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই।

উল্লেখ্য যে দুপৰীয়া তপোৱন অনাথ শিশু গৃহত শাৰীৰিক ভাবে সক্ষম শিশু সকলৰ মাজত উপস্থিত থাকি বিভিন্ন সা সঁজুলি বিতৰণ কৰাৰ লগতে শিশু সকলৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

assam ranjit kumar das bajali