বিধায়ক জিগনেশ মেৱানীৰ জামিন আৱেদন নাকচ আদালতৰ, তিনি দিনৰ আৰক্ষী জিম্মালৈ…

বিধায়ক জিগনেশ মেৱানীৰ জামিন আৱেদন নাকচ আদালতৰ, তিনি দিনৰ আৰক্ষী জিম্মালৈ…

author-image
asomiyapratidin
New Update
এটা বিৰ্তকিত টুইটঃ গুজৰাটৰ পৰা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অসম আৰক্ষীয়ে এক বিতৰ্কিত টুইটক কেন্দ্ৰ কৰি গুজৰাট বিধানসভাৰ সদস্য জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে বিধায়কগৰাকীক কঠোৰ নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে ।

Advertisment

কোকৰাঝাৰলৈ লৈ অহাৰ পিছত আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় বিধায়ক জিগনেশ মেৱানীক । আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিধায়কগৰাকীক হাজিৰ কৰোৱাত বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰিবলৈ তেওঁৰ অধিবক্তাই আদালতত আৱেদন দাখিল কৰে যদিও আদালতে জামিন আৱেদন খাৰিজ কৰে ।

ইপিনে আৰক্ষীয়ে বিধায়কগৰাকীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে তিনি দিনৰ বাবেহে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে বিধায়ক জিগনেশ মেৱানীক ৷ উল্লেখ্য যে আজি আদালতে বন্ধ থকা হেতুকে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰায় বিধায়কগৰাকীক ।

ইপিনে বিধায়কগৰাকীৰ অধিবক্তাই প্ৰকাশ কৰা মতে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশ নিকুঞ্জ বড়োৰ আদালতে বিধায়কগৰাকীৰ জামিন নামা মঞ্জুৰ কৰাৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদনৰ বাবে আপিল কৰিব। আইনী যুঁজ চলাবলৈ নতুন দিল্লীৰ পৰা এটা অধিবক্তাৰ দল আহিব বুলিও প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

Assam police kokrajhar congress arrested