নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা অৱস্থাত যুৱকক কৰায়ত্ত্ব ৰাইজৰ...

বাইহাটা চাৰিআলিৰ আন্ধেৰীঘাট গড়কাপ্তানী পথৰ মালিবাৰীত ৰাইজে কৰায়ত্ত্ব কৰে এজন যুৱকক

author-image
Asomiya Pratidin
New Update
নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা অৱস্থাত যুৱকক কৰায়ত্ত্ব ৰাইজৰ...

baihata drugs

ডিজিটেল সংবাদ, দুমুনিচকী :- নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা অৱস্থাত বাইহাটা চাৰিআলিৰ আন্ধেৰীঘাট গড়কাপ্তানী পথৰ মালিবাৰীত ৰাইজে কৰায়ত্ত্ব কৰে এজন যুৱকক। হিতাহিত জ্ঞান হেৰুৱাই এজন যুৱক বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা আন্ধেৰীঘাট গড়কাপ্তানী পথৰ মালিবাৰীৰ পথটোৰে দৰঙৰ জয়ন্তীপুৰলৈ বুলি গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰে।

Advertisment

উল্লেখ্য যে যুৱকজনৰ হাতত তিনিটাকৈ ডেনড্ৰেইট থকাও পৰিলক্ষিত কৰে স্থানীয় ৰাইজে। কাপোৰ এখনত ডেনড্ৰেইট উলিয়াই লৈ তাৰ গোন্ধৰ ৰাগিত যুৱকজন মাতাল অৱস্থাত ৰাস্তাৰে গৈ থকাৰ অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। নিচা কৰি হিতাহিত জ্ঞান হেৰুৱাই যুৱকজনে নিজৰ ঘৰৰ ৰাস্তাও পাহৰি পেলাই বুলিও জানিবলৈ দিয়ে।

drugs assam baihata