বাইহাটা চাৰিআলিত অব্যাহত আছে সুদখোৰৰ সন্ত্ৰাস

বাইহাটা চাৰিআলিত অব্যাহত আছে সুদখোৰৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, দুমুনিচকীঃ ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বাইহাটা চাৰিআলিৰ খেহেনীপাৰাত সুদলৈ দিয়া ধন যথা সময়ত পৰিশোধ কৰিব নোৱাৰাৰ অজুহাতত এটা সুদখোৰে বলপুৰ্বক ভূমি দখল কৰাৰ এক আশ্চৰ্য্যজনক ঘটনা পোহৰলৈ আহিছে। কেৱল এয়াই নহয়, আনকি সুদলৈ দিয়া ধনৰ বিনিময়ত বন্ধক (mortgage) হিচাপে লোৱা ভুমিৰ বিক্ৰী অনুমতি অথবা নামজাৰি নোহোৱাকৈ দখল কৰা ভূমিৰ চৌহদত পকী বেৰ দিয়াৰ উপৰি এটা টিনৰ এচলীয়া ঘৰো নিৰ্মাণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ সুদখোৰে বলপুৰ্বক সংঘটিত কৰা উক্ত ঘটনাৰ ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালে বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰ অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত খেহেনীপাৰা নিবাসী কমল বেজবৰুৱা নামৰ লোক এজনৰ পৰা একেখন গাঁও নিবাসী কবিতা দেৱীয়ে প্ৰতি মাহে ১০ শতাংশ সুতৰ হাৰত মুঠ আঠ লাখ টকা লয়। বিগত ২০২১ বৰ্ষত কেইবাটাও কিস্তি কৰি দিয়া উক্ত আঠ লাখ টকাৰ বিনিময়ত কমল বেজবৰুৱাই কবিতা দেৱীৰ পৰা তেওঁলোকৰ ভাৰতীয় ষ্টেট বেংকৰ বাইহাটা চাৰিআলি শাখাৰ তিনিখন চেক পাট আৰু ভূমিৰ এখন দলিল লৈ যায়। প্ৰথম কেইমাহমান কবিতা দেৱীৰ পৰিয়ালে এই ধন পৰিশোধ কৰে যদিও পিছলৈ কমল বেজবৰুৱাই তেওঁৰ পত্নী বিভা ডেকাৰে মিলি সুতৰ হাৰ ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰে। যাৰ ফলত সুত আৰু মুলধন যোগ হৈ প্ৰায় ১২ লক্ষাধিক টকা হয়।

কবিতা দেৱীৰ পৰিয়ালে উক্ত চক্ৰবৃদ্ধি সুত পৰিশোধ কৰিবলৈ সমৰ্থ নোহোৱাত কমল বেজবৰুৱাই বন্ধক (mortgage) হিচাপে লোৱা দলিলৰ ভূমিৰ পৰিৱৰ্তে অন্য নম্বৰৰ এখন পট্টাৰ এটা দাগৰ ডেৰ কঠা ভূমি বলপুৰ্বক দখল কৰে। কেৱল দখল কৰায়ে নহয় উক্ত ভূমিলৈকে যাব পৰাকৈ কেইবাজনো লোকৰ ভূমিৰ ওপৰেদি নিশাৰ ভিতৰতে পাহাৰৰ পৰা অবৈধ ভাৱে ৰঙা মাটি আনি এটা পথো নিৰ্মাণ কৰে। সুদখোৰ কমল বেজবৰুৱাৰ উক্ত কাণ্ডক বাধা প্ৰদান কৰাত কবিতা দেৱীৰ পৰিয়ালক ওলোটাই বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে।

উল্লেখ্য যে কোনো ধৰণৰ বিক্ৰী অনুমতি পত্ৰ অথবা নিজৰ নামত নামজাৰি নোহোৱাকৈ সুতৰ ধন পৰিশোধ কৰিব নোৱাৰাৰ অজুহাত লৈ ভূমি দখল কৰা কাৰ্য্যত আশ্চৰ্য্যান্বিত হৈ পৰে স্থানীয় লোক। ফলত উপায়ন্তৰ হৈ ভুক্তভোগী কবিতা দেৱীৰ পৰিয়ালে বাইহাটা চাৰিআলি থানাত কমল বেজবৰুৱাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। বাইহাটা চাৰিআলি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) ৪২০/ ৪২১/ ৪২২/৪২৩/ ৩৮৬/ ৩৮৭/ ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰে। উল্লেখ্য যে বিভিন্ন জনক সুদৰ বিনিময়ত টকা দি সম্প্ৰতি পলাতক অৱস্থাত থকা কমল বেজবৰুৱাৰ উক্ত কাণ্ড সমগ্ৰ অঞ্চলটোত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

বাইহাটা চাৰিআলিত অব্যাহত আছে সুদখোৰৰ সন্ত্ৰাস
খেলপথাৰ শুৱনি কৰিবলৈ আহি আছে ঋষভ পণ্ট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in