/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b4c8ebc4-1b0b-4302-b75b-ec92f3f8188d/Jui.jpg)
ডিজিটেল সংবাদ, দুমুনিচকীঃ নিশা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বাইহাটা চাৰিআলি গোৰেশ্বৰ পথত থকা 'নিহান ফটো চেণ্টাৰ' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হয় এই অগ্নিকাণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3142a447-28fb-4ee6-b2ad-c442c3528617/2e4f3a17_e27e_4c50_b30c_a9e15a0d4f5f.jpg)
অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পিছতে বাইহাটা চাৰিআলি থানাৰ আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে নিশা তাৎক্ষণিক ভাবে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে যদিও ইতিমধ্যে প্ৰতিষ্ঠানখনত থকা সকলো সামগ্ৰী জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী ধ্বংস হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/09320b31-29db-4357-add9-524862d1504c/ed3753d8_fa60_4054_bf38_0b67aecd4c07.jpg)
নিশা প্ৰায় ১১-৩০ বজাত সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰতিষ্ঠানখনত থকা বিভিন্ন ম'বাইলৰ উপৰিও ম'বাইল মেৰামতি কৰা সামগ্ৰী, কেইবাটাও লেপটপ, ডেক্সটপ, জেৰক্স মেচিন আদি সামগ্ৰীবোৰ সম্পূৰ্ণ ৰূপে ধ্বংস হয়। আনহাতে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত প্ৰতিষ্ঠানখনৰ গাতে লাগি থকা কানাড়া বেংকৰ এটা এ টি এম জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4fbdc88a-3ec2-4286-88fd-c5078ea9999b/af01b5a2_ece6_4ae0_acfd_e1518bdf3030.jpg)
উল্লেখ্য শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী তাজুদ্দিন আলীয়েও সন্দেহ প্ৰকাশ কৰিছে। ইপিনে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তাজুদ্দিনে কানাড়া বেংকৰ পৰা ঋণ লৈ স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰে কোনোমতে পৰিয়ালটো পোহপাল দি আহিছিল।
Also Read: আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা