বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ ৫৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন

বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ ৫৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ ৫৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ , বঢ়মপুৰ : বহু কেইজন আৰক্ষী শ্বহীদৰ বীৰ গাথাৰে উদ্ভাসিত তথা সুদীৰ্ঘকাল অসমবাসীৰ জনহিতাৰ্থে সেৱা আগবঢ়াই আহিছে নৱম অসম আৰক্ষী বাহিনীয়ে। নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীটোৱে আজিৰ এই বিশেষ দিনটোত পুৱাৰে পৰা পালন কৰিছে ৫৩তম প্ৰতিষ্ঠা দিবস।

Advertisment

উল্লেখ্য যে , বাহিনীটোৰ প্ৰতিষ্ঠা দিবসৰ অনুষ্ঠানত ৰাজ্যখনৰ মধ্যমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শন দেৱজ্যোতি মুখাৰ্জীই অংশগ্ৰহণ কৰি বাহিনীটোৰ অভিবাদন গ্ৰহণ কৰে! বাহিনীটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ আঁত ধৰে বাহিনীটোৰ অধিনায়ক মুকুট ৰাভাই । অনুষ্ঠানটোত উপস্থিত থাকে বঢ়মপুৰৰ বিভিন্ন মহলৰ গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ। উল্লেখ্য যে, ১৯৭০ চনত শ্বিলংত জন্ম গ্ৰহণ কৰা বাহিনীটোৰ ৫৩ তম প্ৰতিষ্ঠা দিবসটি পৰম্পৰাগত ভাৱে এটা কেক্ কাটি সকলোয়ে উদযাপন কৰাৰ লগতে খেল -ধেমালি , নৃত্য, আদি বিভিন্ন কাৰ্য্যসূচীৰ লগতে নিশা এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

Also Read: এমহীয়া সন্তানক আৰু কোলাত তুলি লোৱা নহ'ল! দেশৰ হকে শ্বহীদ হ'ল হিমায়ুন