/asomiyapratidin/media/media_files/2025/07/14/1-2025-07-14-16-05-26.jpg)
ডিজিটেল সংবাদ,বাক্সাঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থিয় দিছে প্ৰতিটো ৰাজনৈতিক দল । বড়োভূমি দখলৰ লক্ষ্য লৈছে ভাৰতীয় জনতা পাৰ্টিয়েও । বাগানপাৰা পৰিষদীয় সমষ্টিত যুৱ নেতা সুমিত কুমাৰ বড়োৰ নেতৃত্বত প্ৰচাৰ চলা পৰিলক্ষিত হৈছে ।
গাঁৱৈ-গাঁৱে সভা অনুষ্ঠিত কৰাৰ উপৰিও আলিয়ে-পদুলিয়ে বিজেপিৰ পোষ্টাৰিং কৰিছে সুমিত কুমাৰ বড়োৱে । কাৰ্যকৰ্তা সকলৰ সৈতে হাতে-কামে লগা পৰিলক্ষিত হৈছে নেতা গৰাকীক। তেওঁ কয় যে আমি সংগঠন শক্তিশালী কৰিবলৈ বিচাৰিছো । বিজেপি বাগানপাৰা পৰিষদীয় সমষ্টিত জয়ী হোৱাটো নিশ্চিত । ৰাজ্যিক নেতৃত্বৰ ওপৰত আস্থা ৰাখিছে সুমিত কুমাৰ বড়োৱে ।