/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/cultural-college.jpg)
ডিজিটেল সংবাদ মাজুলীঃ বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক মুহিকান্ত বৰা বৰবায়নে সত্ৰীয়া সংগীতৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাকৈ দীৰ্ঘদিনীয়া গৱেষণাৰ ফলত লিখি উলিয়াই 'খোল প্ৰসংগ'নামৰ গ্ৰন্থ। বাল্য কালৰে পৰা ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ হিচাপে থাকি সত্ৰীয়া পৰম্পৰাৰ মাজেৰে দাঙৰ দীঘল হোৱা বৈষ্ণৱ গৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ বহুকেইগৰাকী গুনী -জ্ঞানী বৈষ্ণৱৰ সান্নিধ্য লাভ কৰিছিল। সত্ৰীয়া শিক্ষা গ্ৰহন কৰি জীৱনযোৰা অভিজ্ঞতাৰে সমৃদ্ধ হৈ গ্ৰন্থ খনি লিখি উলিয়াইছে আৰু এই গ্ৰন্থখনে সত্ৰীয়া শিক্ষা গ্ৰহন কৰা ছাত্র-ছাত্ৰী সকলৰ অভাৱ দূৰ কৰিব বুলি গ্ৰস্থ উন্মোচন কৰি মন্ত্ৰব্য প্ৰকাশ কৰে সত্ৰীয়া সংস্কৃতিৰ সাধক, সংগীত নাটক একাডেমী বঁটা প্ৰাপক যোগেন দত্ত বায়নে।
অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ বৰদলৈয়ে এই গ্ৰন্থ উন্মোচনৰ সভাত উল্লেখ কৰে যে অসম সত্ৰ মহাসভাৰ অধীনস্থ সকলো সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত মুহিকান্ত বৰবায়নে প্ৰস্তুত কৰি উলিওৱা 'খোল প্ৰসংগ' পাঠ্যপুথি খনে উপকৃত কৰিব । প্ৰয়োজন অনুসৰি পাঠ্যপুথিৰ অভাৱৰ মাজতে এই গ্ৰন্থ খনৰ প্ৰকাশে দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলালে বুলি মন্ত্ৰব্য প্ৰকাশ কৰে।
বৃহস্পতিবাৰে পুৱা ১১ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ সমিপত অনুস্থিত হয় বদলা পদ্ম আতা মহাবিদ্যালয় শুভাৰম্ভ আৰু গ্ৰস্থ উন্মোচনী সভা। কোভিড প্ৰট'কল মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত মহাবিদ্যালয়খনৰ ফিটা কাটি শুভাৰম্ভ কৰে সত্ৰ সহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই। ইয়াৰ পাছতে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পী নন্দেশ্বৰ বৰবায়ন দেৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
শিক্ষক তথা বদলা পদ্ম আতা সংগীত মহাবিদ্যালয়ৰ সভাপতি সুৰেশ বৰাই সভাপতিত্ব কৰা সভাত প্ৰথমে বিশিষ্ট তথা আমন্ত্ৰিত অতিথি সকলক চেলেং আৰু ফুলাম গামোচাৰে আদৰনি জনায়। সভাখনি কৰিণা হাজৰিকাৰ বৰগীতেৰে শুভাৰম্ভ হয়। ইয়াৰ পাছতে 'খোল প্ৰসংগ' নামৰ গ্ৰস্থ উন্মোচন কৰে শিল্পী সংগীত নাটক একাডেমী বটা প্ৰাপক যোগেন দত্ত বায়নে। সভাখনি শুভ উদ্বোধন কৰে পৰীক্ষা সচিব পংকজ শইকীয়াই।
এটা দীৰ্ঘদিনীয়া সপোন আজি অনেক ঘাট প্ৰতিঘাটৰ মাজেৰে মুহিকান্ত বৰবায়নে গাঁঠিৰ ধন খৰছ কৰি সংগীত মহাবিদ্যালয়খন আৰম্ভ কৰিছে বুলি উদেশ্য ব্যাখ্যাত উল্লেখ কৰে শিক্ষক দীগন্ত শইকীয়াই । অসম চৰকাৰৰ পৰ্যটন বিভাগে নিযুক্তি প্ৰদান কৰা সাংস্কৃতিক আৰু পাক-কলা বিভাগৰ সদস্য তথা সাংবাদিক তীৰ্থ ভূঞা বৰগায়নকো উক্ত সভাতে আদৰনি জনায়। বদলা পদ্ম আতা সংগীত মহাবিদ্যালয়ৰ সদস্য তথা শিক্ষক ভৰত দত্ত দেৱকো ফুলাম গামোচাৰে আদৰনি জনায় এই অনুষ্ঠানত।
অনুষ্ঠানত মুহিকান্ত বৰবায়ন এগৰাকী নিৰলস সাধক যিগৰাকীয়ে নিৰলে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত নিজেক আত্মনিয়োগ কৰিছে আৰু সমাজখন উপকৃত হোৱাকৈ সাংস্কৃতিক শোভাযাত্ৰা অব্যাহত ৰাখিছে বুলি তীৰ্থ ভূঞাই উল্লেখ কৰে। অনুষ্ঠানত ভৰত দত্ত, সংগীত শিক্ষয়ত্ৰী বন্তি বৰা আৰু নন্দেশ্বৰ বৰবায়নে নিজৰ বক্তব্য ৰাখে।