সংঘৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বাবুল বৰাই...

সংবাদমেলৰ জৰিয়তে দিলে স্পষ্টীকৰণ

author-image
Asomiya Pratidin
New Update
সংঘৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বাবুল বৰাই...

সংঘৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বাবুল বৰাই...

ডিজিটেল ডেস্কঃ এটাৰ পিছত এটাকৈ নানান অভিযোগেৰে অভিযুক্ত বাবুল বৰাক শ্ৰীমন্ত শংকৰদেৰ সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্তৰ পাছতে এতিয়া সংবাদমেলৰ জৰিয়তে বাবুল বৰাই স্পষ্টীকৰণ দিছে।

Advertisment

বৰাই সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহ নস্যাত কৰি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰো অভিযোগ কৰিছে। বৰাই সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে যিসমূহ অভিযোগ উঠিছে সেই সকলো বৰ্তমানৰ প্ৰধান সম্পাদকগৰাকীৰ ষড়যন্ত্ৰ আখ্যা দিছে। সেয়ে তেওঁ সংঘৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰো হুংকাৰ দিছে।

বৰ্তমানৰ সাধাৰণ সম্পাদক কুশল ঠাকুৰীয়াক এগৰাকী চাকৰিৰ পৰা খেদাখুৱা ব্যক্তি আখ্যা দি হৰেন্দ্ৰ বৰাই সংঘৰ প্ৰধান সম্পাদক হ'বলৈ এনেবোৰ কাৰ্যত লিপ্ত হোৱাৰো অভিযোগ কৰিছে। বৰাৰ মতে যোৱা দুদিনে তেওঁ মৌন হৈ থকাৰ বাবে বহু ভকতে খোৱা, লোৱা বাদ দি কান্দিছে বুলিও উল্লেখ কৰে।

উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক অতি বিতৰ্কিত এইগৰাকী বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তালিকাখন যথেষ্ট দীঘল। ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলত এই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পাইছে।

তলৰ লিংকত ক্লিক কৰি পঢ়ক বাবুল বৰাৰ আখ্যান

Also Read: বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?

Also Read: বৰা দোষী! এতিয়াহে সংঘৰ আই-বাপ সকল সুখী...

বাবুল বৰা শ্ৰীমন্ত শংকৰদেৱ শংঘ