সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব হিচাপে বি কল্যান চক্ৰৱৰ্তীক অতিৰিক্ত দায়িত্ব

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পদৰ পৰা বদলি কৰা হৈছে লয়া মাধুৰীক। দায়িত্ব অৰ্পন কৰা হ'ল নতুন এজনক।

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব হিচাপে বি কল্যান চক্ৰৱৰ্তীক অতিৰিক্ত দায়িত্ব

ডিজিটেল ডেস্কঃ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পদৰ পৰা বদলি কৰা হৈছে লয়া মাধুৰীক। বিভাগটোৰ প্ৰধান সচিব ৰূপে নতুনকৈ দায়িত্ব প্ৰদান কৰা হৈছে বি কল্যাণ চক্রৱৰ্তীক ।

Advertisment

উল্লেখ্য যে, চক্ৰৱৰ্তীয়ে সাংস্কৃতিক পৰিক্রমা বিভাগৰ লগতে শ্রমিক উন্নয়ন, দক্ষতা, নিয়োগ আৰু উন্নয়নৰ দায়িত্বতো থাকিব। আনহাতে সাংস্কৃতিক পৰিক্রমা বিভাগৰ বিশেষ সচিব হিচাপে নিযুক্তি দিয়া হৈছে অশোক বৰ্মনক।

উল্লেখ্য যে, ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদানৰ লগত দিয়া চেক বাউন্স হোৱাৰ ঘটনাৰ পাছত বিভাগটো যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল। সেই সময়তে এই ৰদ-বদল তাৎপৰ্যপূৰ্ণ।

Also Read: ''মহিলাক যৌন নিৰ্যাতন কৰা হৈছিল'' ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে তথ্য বিচাৰিলে আৰক্ষীয়ে

assam state film award