ধুবুৰীত একেদিনাই তিনিখনকৈ নিৰ্বাচনী সভা আজমলৰ, হিমন্তক পাগল আখ্যা

ধুবুৰীত একেদিনাই তিনিখনকৈ নিৰ্বাচনী সভা আজমলৰ, হিমন্তক পাগল আখ্যা

author-image
asomiyapratidin
New Update
ধুবুৰীত একেদিনাই তিনিখনকৈ নিৰ্বাচনী সভা আজমলৰ, হিমন্তক পাগল আখ্যা

ডিজিটেল সংবাদ, ধুবুৰীঃ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰীৰ আকাশত হেলিকপ্টাৰ উৰুৱাই একাধিক নিৰ্বাচনী সভা অনুষ্ঠিত কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে এ আই ইউ ডি এফ প্ৰধান, সাংসদ বদৰুদ্দিন আজমলে। উল্লেখযোগ্য যে, এইবেলি ধুবুৰীত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু মিত্ৰ দলৰ মাজত তিনিকোণীয়া নিৰ্বাচনী যুঁজ হোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলি আছে যদিও মনোনয়ন পত্ৰ দাখিলৰ পৰা বৰ্তমানলৈকে কেৱল আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু মিত্ৰ দল অগপ-বিজেপিৰ কোনো এজন নেতাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা নাই।

কিন্তু আজমলে যোৱা কেইটা দিনৰ পৰা ধুবুৰীৰ প্ৰতিটো সমষ্টিত কেইবাটাও নিৰ্বাচনী সভা অনুষ্ঠিত কৰি হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী চমক দি অহা পৰিলক্ষিত হৈছে। মঙলবাৰে ধুবুৰীৰ ধৰ্মশালা, বৰসিং চৰ আৰু দুমৰদহ অঞ্চলত মুঠ তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে।

ইপিনে ধৰ্মশালা ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত উপস্থিত হয় যে আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল আৰু দলৰ কাৰ্য্যকৰী সভাপতি ডা০ আদিত্য লাংথাচা। সভাত ডা০ আদিত্য লাংথাচাই নিজৰ ভাষণত কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰাৰ দৰে আজমলে নিজৰ ভাষণত তীব্ৰ বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু বিজেপি দলক।

আজমলে কয়- 'এইবাৰৰ যুঁজ আমাৰ অস্তিত্বৰ যুঁজ। নৰেন্দ্ৰ মোডী পুনৰবাৰ প্ৰধান মন্ত্ৰী হ'লে আপোনালোকে বাংলাদেশলৈ যাব লাগিব। আনহাতে যদি নৰেন্দ্ৰ মোডীক গাদীচ্যুত কৰা যায় তেন্তে আপোনালোকে স্বদেশত থাকিব পাৰিব।' সংখ্যালঘু ভোটাৰ ৰাইজক উদ্দেশ্যি এইদৰে মন্তব্য প্ৰদানৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয়- 'হিমন্ত বৰ্তমান পাগল হৈছে। যাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নৃত্য কৰিছে।'

হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ৯৫ শতাংশ পাগল হোৱাৰ বিপৰীতে নিৰ্বাচনৰ পিছত ১০০ শতাংশ পাগল হ'ব আৰু হিমন্তক তেজপুৰ মানসিক বিকাৰগ্রস্থ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হ"ব বুলি কৈ চিকিৎসাৰ সম্পূৰ্ণ খৰচ আজমলে বহন কৰিব বুলি ভাষণত মন্তব্য কৰে আজমলে।

ইপিনে নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিদেশৰ ক'লা ধন ঘূৰাই আনি প্ৰতিজনৰ বেংক একাউণ্টত ১৫ লাখ টকাকৈ দিয়াৰ লগতে নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বুলি নৰেন্দ্ৰ মোডীৰ ভাষণৰ লগত সুৰ মিলাই ব্যঙ্গ ভাষণ প্ৰদান কৰে আজমলে। কংগ্ৰেছক বিশ্বাস কৰি ১১ খন আসন এৰি দি আসন বুজাবুজিৰে মিত্ৰতাৰ আলোচনা হৈছিল যদিও শেহতীয়াভাবে কংগ্ৰেছে প্ৰতাৰণা কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে আজমলে।

আনহাতে কংগ্ৰেছে ধুবুৰীত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা কৈ থকা সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী কোনো শক্তিশালী প্ৰাৰ্থী নহয় বুলি দাবী কৰাৰ বিপৰীতে আবু তাহেৰ কংগ্ৰেছৰ নহয় বিজেপিৰ হে প্ৰাৰ্থী বুলি ভাষণত উল্লেখ কৰে আজমলে। একেদৰে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামকো সমালোচনা কৰে আজমলে। বিশ্বনাথ চাৰিআলি কাণ্ডক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে।

উল্লেখযোগ্য যে, নিৰ্বাচনী সভাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতি দেখি এইবেলি লোকসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে হেট্ৰিক মৰাৰ সপোন দেখা আজমলে এইবেলিও বহু ভোটৰ ব্যৱধানত জয়ী হব বুলি আশা ব্যক্ত কৰে। ধৰ্মশালাৰ নিৰ্বাচনী সভাৰ অন্তত ধুবুৰীৰ বিৰসিং চৰ আৰু দুমৰদহ অঞ্চলতো এখন নিৰ্বাচনী সভাত অংশ লোৱা বুলি জানিব পৰা গৈছে।

কিন্তু মন কৰিবলগীয়া যে, বিগত কেইটা দিনৰ পৰা আজমলে ধুবুৰী লোকসভাৰ ধুবুৰী দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাৰ ১০ খন সমষ্টিত ধাৰাবাহিকভাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে যদিও এ আই ইউ ডি এফৰ দুৰ্গ হিচাপে খ্যাত ধুবুৰী লোকসভাত মিত্ৰ দল অগপ-বিজেপি আৰু কংগ্ৰেছ দলৰ ফালৰ পৰা কোনো এজন ষ্টাৰ কেম্পেইনাৰৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই। এনে সময়তে মিত্ৰ দল অগপ-বিজেপি আৰু কংগ্ৰেছে আজমলক ওৱাক অভাৰ দিছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক মহলত।