/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/a3l9bqi7/oki.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাৰ ৰাজপথত অসমীয়া সংস্কৃতিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমল সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত সূত্ৰধাৰ ২০২৪" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আজি সামৰনিৰ দিনা অসমীয়া সংস্কৃতিৰ বিশাল শোভাযাত্ৰাৰে মুখৰিত হল পূণ্যভূমি অযোধ্যাৰ ৰাজপথ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা, নাম কীৰ্তন, বিয়ানাম, বৰঢোল, ওজাপালি আদি বিভিন্ন সাংস্কৃতি প্ৰতিফলিত কৰি অসমীয়া আইমাতৄ, যুৱক যুৱতী, বয়োজেষ্ঠ সকলোৱে জয় গুৰু শংকৰ ধ্বনিৰে মুখৰিত কৰি তোলে অযোধ্যা। কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ অনুষ্ঠানৰ থলী বাসুদেৱ ঘাটৰ ধৰ্ম মণ্ডপৰ পৰা ৰাম মন্দিৰৰলৈ পদব্ৰজে অনুষ্ঠিত শোভাযাত্ৰাই অনান্য মাত্ৰা প্ৰদান কৰে।