পশ্চিম বংগত অসমৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সজাগতা অভিযান

পশ্চিম বংগত অসমৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সজাগতা অভিযান

author-image
asomiyapratidin
New Update
পশ্চিম বংগত অসমৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সজাগতা অভিযান

ডিজিটেল ডেস্ক: অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে ১৮ আৰু ১৯ মে'ত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় পশ্চিম বংগৰ বীৰভূম জিলাৰ সাইন্থিয়া উন্নয়ন খণ্ডত। উক্ত কাৰ্যসূচীত আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক কৃষ্ণ প্ৰতিম বৰদলৈ আৰু আঞ্চলিক প্ৰকল্প সঞ্চালিকা পূজা দাসৰ তত্বাৱধানত, বীৰভূম ইনষ্টিটিউট অৱ গ্ৰামোন্নয়ন ফাউণ্ডেচন, সাইন্থিয়া পঞ্চায়ত সমিতি আৰু সাইন্থিয়া উন্নয়ন খণ্ড আৰু স্পেক্স ডেৰাডুনৰ এক যৌথ উদ্যোগত বৈদ্যুতিক আৱৰ্জনা সামগ্ৰীৰ নৱীকৰণ আৰু পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে দুদিনীয়া সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।

Advertisment

উল্লেখযোগ্য যে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উক্ত অভিযানত ৩৩০ টি মহিলা আত্মসহায়ক গোটক এই প্ৰশিক্ষণ দিয়া হয়। উক্ত প্ৰশিক্ষণত বৈদ্যুতিক অৱৰ্জনৰ পুনৰ নৱীকৰণ, পুনৰ ব্যৱহাৰ আৰু এল ই ডি বাল্ব মেৰামতি তথা প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ দিয়া হয়। উক্ত অনুষ্ঠানটোত সাইন্থিয়া উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, যুটীয়া ক্লাষ্টাৰ উন্নয়ন বিষয়া আৰু সাইন্থিয়া পঞ্চায়ত সমিতিৰ সহকাৰী সভাপতি উপস্থিত থাকে। উপস্থিত অতিথিবৃন্দক অসমীয়া ফুলাম গামোচাৰে সম্ভাষণ জনায়।

বীৰভূম ইনষ্টিটিউট অৱ গ্ৰামোন্নয়ন ফাউণ্ডেশ্যনৰ সভাপতি বিব্ৰাচু পৰমানিকে কয়, "বীৰভূমত এইটো প্ৰথম পদক্ষেপ। আজিৰ যুগত, আমি উন্নত সেৱা গ্ৰহণ কৰি অজ্ঞাতভাৱে পৰিৱেশৰ ক্ষতি কৰোঁ। সেয়েহে, আমাৰ সংস্থাৰ উদ্যোগত, আমি ইয়াক ব্যৱহাৰ কৰি ইলেক্ট্ৰনিক আৱৰ্জনাৰ পৰা জীৱিকা নিৰ্বাহ কৰিবলৈ চেষ্টা কৰি আছোঁ। যাতে এফালে মানুহৰ নতুন জীৱিকা ৰক্ষা হয় আৰু আনহাতে, পৰিৱেশো উন্নত হয়।"

উল্লেখযোগ্য যে আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে ইতিমধ্যেই জনস্বাস্থ্য, পৰিবেশ আৰু জীৱনোপায়ৰ বাবে বিনামূলীয়াকৈ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে। আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই অভিযান সমগ্ৰ পশ্চিম বংগতে চলোৱা হ'ব আৰু পিছলৈ ঝাড়খণ্ডলৈও লৈ যোৱা হ'ব বুলি বৰদলৈয়ে জনায়।

তেওঁ লগেত উল্লেখ কৰে যে প্ৰত্যেক ব্লকত আৰু আত্মসহায়ক গোটসমূহত একোটাকৈ ইলেক্ট্ৰনিক ৱেষ্ট কালেকচন চেণ্টাৰ স্থাপন কৰা হ'ব আৰু যিখিনি আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰিব পৰা নাযায় সেইখিনি তেওঁলোকে ৰিচাইক্লিঙ ইউনিটলৈ পঠিওৱা ব্যৱস্থা কৰিব। আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ এই পদক্ষেপক পশ্চিমবংগত সকলোৱে আদৰণি জনোৱা পৰিলক্ষিত হয়।

আৰু পঢ়ক: সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

awarness programme west bengal assam