ডা০ এ, বি, ছিদ্দিক জাতীয় বিদ্যালয়ত ড্ৰাগছ, গুটখা, মাদক দ্ৰব্য বিৰোধী সজাগতামূলক সভা…

ডা০ এ, বি, ছিদ্দিক জাতীয় বিদ্যালয়ত ড্ৰাগছ, গুটখা, মাদক দ্ৰব্য বিৰোধী সজাগতামূলক সভা…

author-image
asomiyapratidin
New Update
ডা০ এ, বি, ছিদ্দিক জাতীয় বিদ্যালয়ত ড্ৰাগছ, গুটখা, মাদক দ্ৰব্য বিৰোধী সজাগতামূলক সভা…

ডিজিটেল সংবাদ,বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বেছামাৰী গাঁৱৰ অগ্ৰনী ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান বেছামাৰী ডা০ এ, বি, ছিদ্দিক জাতীয় বিদ্যালয়ত ড্ৰাগছ, গুটখা, মাদক দ্ৰব্য বিৰোধী এখনি সজাগতামূলক সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়।

Advertisment

উক্ত সভাত আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বড়োৰাম দাস, বেছামাৰী ডা০ এ, বি, ছিদ্দিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উজ্জ্বলতা বৰা, উপাধ্যক্ষ আনছাৰ উদ্দিন আহমেদ, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকে। ছাত্র-ছাত্রীৰ উত্তৰোত্তৰ কামনাৰে এই সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ছাত্র- ছাত্রী যাতে নিচা জাতীয় সামগ্রীৰ পৰা বিৰত থাকি জীৱনত আগুৱাই যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ভাষন প্ৰদান কৰে।

আৰু পঢ়ক: বকোত জাল নোট সহ দুটা সৰবৰাহকাৰীক আটক…

assam batadrava