হাটশিঙিমাৰী মহাবিদ্যালয়ত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামাজিক কাম- কাজৰ বিৰুদ্ধে সজাগতা সভা…

হাটশিঙিমাৰী মহাবিদ্যালয়ত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামাজিক কাম- কাজৰ বিৰুদ্ধে সজাগতা সভা…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰী মহাবিদ্যালয়ত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামাজিক কাম- কাজৰ বিৰুদ্ধে সজাগতা সভা…

ডিজিটেল সংবাদ,হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত সোমবাৰে দিনৰ ১১ বজাৰ পৰা জিলা আছুৰ উদ্যোগত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামৰিক কাম কাজৰ বিৰুদ্ধে এক সজাগতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাটশিঙিমাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক লৈ এক সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সোনোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মহাবিদ্যালয়খনৰ কেইবাগৰাকী অধ্যাপকৰ লগতে আছুৰ কৰ্ম-কৰ্তাসকল উপস্থিত থাকি জিলাখনৰ পৰা ড্ৰাগছ, বাল্য বিবাহ আৰু অসমাজিক কাৰ্য্য-কলাপ বন্ধৰ বাবে সজাগতামূলক ভাষণ প্ৰদান কৰে।

hatsingimari assam