/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/awareness-program.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা, ২৮ আগষ্টঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সহযোগত আজি বটদ্ৰৱাৰ সমীপৱৰ্তী শিমলুআটি আলিম উদ্দিন মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগনত শিক্ষাৰ অধিকাৰ আইন-২০০৯ বিষয় সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। আলিটাঙনী হাইস্কুলৰ প্ৰধান শিক্ষক মৌলানা আবুল বাশ্বাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি মানৱ অধিকাৰ আইন নেটৱৰ্ক আৰু সৰ্বভাৰতীয় উকিল সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি হাৰুণ আল ৰছিদে শিক্ষাৰ অধিকাৰ আইন-২০০৯ৰ বিভিন্ন দফা সমূহৰ বিষয়ে ৰাইজক পুংখানুপুংখভাৱে বুজাই দিয়াৰ লগতে চৰকাৰৰ এই আইন খনৰ দ্বাৰা ৬-১৪ বছৰৰ শিশুৰ শিক্ষাৰ অধিকাৰ, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থাৰ বিষয়ে বিশ্লেষণ আগবঢ়াই।
সাংবাদিক দিলদাৰ হুছেইনে আঁত ধৰা অনুষ্ঠানটিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক হিফজুৰ ৰহমান খান, খাইৰুল ইছলাম, সাংগঠনিক সম্পাদক মহম্মদ আলী, নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি আশ্বাদুল ইছলাম, দিব্যজ্যোতি বৰুৱাই ভাষণ প্ৰদান কৰে। সভাত চাহাব উদ্দিন আহমেদ, এনামুল হক, চাহজাহান আলী, আনোৱাৰ হুচেইন, জামাল উদ্দিন আহমেদ, আবু শ্বান শ্বেখ, সোনাইবেৰা-শিমলুআটি গাঁও পঞ্চায়তৰ জীবিকা সখী ৱাহিদা বেগম, ইনামুল হককে আদি কৰি অঞ্চলটোৰ শতাধিক আই মাতৄ, কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত আছিল।
আৰু পঢ়ক : ৰূপহীহাটৰ পশ্চিম হাতীপাৰাৰ পুখৰীৰ পৰা উদ্ধাৰ সুৰা, ড্ৰাগছ, গাঞ্জা…