দেশত প্ৰযোজ্য ৩খন নতুন আইনক লৈ হেলেম থানাত সজাগতা সভা

দেশত প্ৰযোজ্য ৩খন নতুন আইনক লৈ হেলেম থানাত সজাগতা সভা

author-image
Asomiya Pratidin
New Update
দেশত প্ৰযোজ্য ৩খন নতুন আইনক লৈ হেলেম থানাত সজাগতা সভা

ডিজিটেল সংবাদ,ছয়দুৱাৰ: ৭৭ বছৰীয়া ঔপনিবেশিক বিধিৰ যৱনিকা পেলাই সমগ্র দেশতে বলবৎ হোৱা ৩খন নতুন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা(২০২৩),ভাৰতীয় নাগৰিক সুৰক্ষা(২০২৩) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম(২০২৩) ৰ মূল বিষয়বস্তুক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই ধাৰাবাহিক ভাবে বিভিন্ন সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

Advertisment

আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ প্ৰতিখন থানা এলেকাত উক্ত তিনিখন আইনৰ ওপৰত আইন সজাগতা সভা অনুষ্ঠিত কৰি নতুন আইন তিনিখনত শাস্তিৰ বিধান কঠোৰ কৰি কেনেদৰে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেই বিষয়ে বহল বাখ্যা আগবঢ়াইছে।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ উদ্যোগত সোমবাৰে উক্ত তিনিখন আইনৰ ওপৰত অনুষ্ঠিত হোৱা এখন আইন সজাগতা সভাত অংশগ্ৰহণ কৰি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই কয় যে ভাৰতীয় চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি বলবৎ কৰা এই নতুন ন্যায় ব্যৱস্থাই নাগৰিকক প্ৰকৃত সুৰক্ষা আৰু ন্যায় প্ৰদানত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা কৰিব।

হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াই আঁত ধৰা সভাখনত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই নতুন আইনৰ জৰিয়তে কৰা মূল পৰিবৰ্তন,মহিলা-শিশুৰ বিৰূদ্ধে কৰা অপৰাধৰ শাস্তিৰ বিধান,ন্যায় প্ৰদানত প্ৰযুক্তিৰ প্ৰৱেশ, ভুক্তভোগী কেন্দ্ৰীক পদ্ধতি, পুনৰ সংজ্ঞায়িত অপৰাধ আৰু শাস্তি,সময়োপযোগী আৰু দ্ৰুত ন্যায়, অপৰাধ মূলক ব্যৱস্থাৰ ৰূপান্তৰ, আৰক্ষীক অধিক জৱাবদিহি আৰু স্বচ্ছতা,নতুন ফৌজদাৰী আইনৰ এন চি আৰ বি সংকলন আৰু সন্ত্ৰাসবাদ,হত্যা, ধৰ্ষণৰ পৰা আৰম্ভ কৰি গাৰ্হস্থ্য হিংসালৈকে বিভিন্ন অপৰাধৰ বিৰুদ্ধে শাস্তিৰ বিধান অধিক কঠোৰ কৰি বলবৎ কৰা নতুন আইন তিনিখনৰ বিষয়ে বহল বাখ্যা আগবঢ়ায়।

হেলেম আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত অনুষ্ঠিত হোৱা আইন সজাগতা সভাখনত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তী, আনন্দ চন্দ আগৰৱালা কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চুড়ামণি দাহাল,গমিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ গগৈ,হেলেম আৰক্ষী থানা নাগৰিক সমিতিৰ সভাপতি চন্দন বৰুৱা,কল্যাণপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী লখিমী বৰদলৈ,হেলেম আৰক্ষী থানা গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা পদ্ম শৰ্মা, সভাপতি সোম কৈৰালা,উপ সভাপতি ৰমানন্দ বৰা,সাধাৰণ সম্পাদক দীপক শৰ্মা আদি উপস্থিত থাকে।উক্ত আইন সজাগতা সভাখনত উপস্থিত থাকে গাঁও ৰক্ষী বাহিনীৰ বিশ্বনাথ জিলাৰ বিশেষ দায়িত্বত থকা যুৱ সমাজকৰ্মী কন্দৰ্প হাজৰিকা।

Also Read: অসমত অবৰ্ণনীয় বান পৰিস্থিতি!

Helem thana