গোগামুখত “মা” শীৰ্ষক সজাগতা আৰু সেৱা অনুষ্ঠান সম্পন্ন

গোগামুখত “মা” শীৰ্ষক সজাগতা আৰু সেৱা অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
গোগামুখত “মা” শীৰ্ষক সজাগতা আৰু সেৱা অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, গোগামুখ : ‘মা বিহীন ঘৰ নহওঁক, ঘৰহীন মা নহওঁক’ শ্লোগানেৰে বৃহস্পতিবাৰে ‘মা’ শীৰ্ষক এক সজাগতা তথা সেৱা অনুষ্ঠান অনুষ্ঠিত হৈ যায় গোগামুখত। এগৰাকী মাতৃয়ে নিজ সন্তানৰ বাবে কিমান অহোপুৰুষাৰ্থ কৰিব পাৰে তাৰ ওপৰত বিশ্লেষণ আগবঢ়াই গোবিন বৰদলৈয়ে।

Advertisment

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত সন্ধান হোৱাটচএপ গ্ৰুপৰ সহযোগত আৰু লক্ষীমপুৰস্থিত মেৰ্চাচ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত বিদ্যালয়খনৰ নিৰিবিলি পৰিৱেশৰ মাজত এই মা শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। মেৰ্চাচ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ ৩৪ বৰ্ষৰ ২৫৩ সংখ্যক মা শীৰ্ষক আবেগিক অনুষ্ঠানত চকুলো টুকে বৃদ্ধ পিতৃ-মাতৃয়ে।

এই অনুষ্ঠানত ভেবেলী অঞ্চলৰ ৫০ গৰাকী বৃদ্ধ পিতৃ-মাতৃক গায়ন-বায়নেৰে আদৰণী জনোৱাৰ লগতে সেৱা জনোৱা হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে বিশিষ্ট লেখিকা, কবি প্ৰণতি শৰ্মা দেৱী, শিক্ষক তথা ক্ৰীড়া সংগঠক বিমল স্বৰ্গীয়াৰী, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অধ্যক্ষ লোহিত বৈশ্য, মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজনীতি বিষয়ৰ শিক্ষক গোপাল সোনোৱালে অংশগ্ৰহণ কৰে। তাৰোপৰি সন্ধান গ্ৰুপৰ সঞ্চালক বিতুপন দাসৰ লগতে অন্যান্য দিশৰ ব্যক্তিসকল উপস্থিত থাকে।

Also Read: তৌভঙাৰ কাৰেঙ অতিথিশালাত “প্ৰেমৰ জোনাক” শীৰ্ষক গীতৰ উন্মোচন

gogamukh