নগাঁৱৰ মাতৃ-জীয়ৰীয়ে দুটাকৈ বঁটাৰে কঢ়িয়াই আনিলে সুনাম…

নগাঁৱৰ মাতৃ-জীয়ৰীয়ে দুটাকৈ বঁটাৰে কঢ়িয়াই আনিলে সুনাম…

author-image
asomiyapratidin
New Update
নগাঁৱৰ মাতৃ-জীয়ৰীয়ে দুটাকৈ বঁটাৰে কঢ়িয়াই আনিলে সুনাম…

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ ডিফলুৰ নিবাসী আৰক্ষী বিভাগত কৰ্মৰত জুনুমণি বৰা আৰু তেওঁৰ কণ্যা ডিম্পিমণি বৰালৈ বিশেষ সন্মান। দেওবাৰে মৰিগাৱৰ বিশিষ্ট অভিনেতা বিমলজ্যোতি বৰদলৈৰ বাসগৃহত সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ, অসমৰ উদ্যোগত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাত একেৰাহে আধা ঘন্টা সূৰ্যলৈ চাই থকাৰ বাবে জুনুমণি বৰাক সূৰ্য্য কন্যা উপাধি প্ৰাদান কৰাৰ লগতে অসম গৌৰৱ সন্মান বঁটা ২০২২ প্ৰাদান কৰে।

লগতে ডিম্পিমণি বৰাক মডেলিং, নৃত্য আৰু অভিনেত্ৰী হিচাপে অসম সুন্দৰী ২০২২ উপাধি প্ৰদান কৰাৰ লগতে অসম গৌৰৱ সন্মান বঁটা ২০২২ প্ৰদান কৰে। উল্লেখ্য যে সাহিত্য- সমাজ-সাংস্কৃতিক সেৱা মঞ্চ হৈছে অসমৰ ভাষা-সাহিত্য- সংস্কৃতিৰ চহকী ক্ষেত্ৰখনৰ অধিক বিকাশৰ নিমিত্তে গঠন হোৱা এটা সংঘঠন। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে অসমৰ আগশাৰীৰ অভিনেতা অৰুন হাজৰিকাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

আৰু পঢ়ক: অসম আন্দোলনৰ সক্ৰিয় কৰ্মী মণ্টু বৰদলৈৰ মৃত্যু

nagaon assam