/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6b05f815-6299-4bfa-9db0-999f29a25c8d/upe.jpg)
ডিজিটেল সংবাদ , বেবেজীয়া: উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান "অনুপ্ৰেৰণা"ই পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক-সমালোচক উপেন্দ্ৰ বৰকটকীলৈ আগবঢ়াইছে "সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা-২০২২"।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অহা ৬ ডিচেম্বৰত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব।
"অনুপ্ৰেৰণা"ৰ প্ৰতিষ্ঠাপক সম্পাদক দীপজ্যোতি শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে জানিবলৈ দিয়া অনুসৰি উক্ত দিনা নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত দিনৰ এক বজাৰ পৰা ড: শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। উদ্যোক্তা সকলে এই অনুষ্ঠানত নগঞা ৰাইজৰ উপস্থিতি বিনম্ৰ ভাৱে কামনা কৰিছে।
আৰু পঢ়ক: কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us