/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tgd.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে দুই ছাত্ৰই। কেন্দ্ৰীয় বিদ্যালয়, নগাঁৱৰ ছাত্ৰ হিতাৰ্থ গোস্বামী আৰু অভিজ্ঞান সান্দিল্য নামৰ ছাত্র দুজনৰে গঠিত "অসম দল" টোৱে "Golden Jubilee National Marine Quest'22" প্ৰতিযোগিতাৰ ফাইনেলত দ্বিতীয় স্থান লাভ কৰি ফাষ্ট ৰাণাৰ্চ আপ লাভ কৰিবলৈ সক্ষম হয় ।
এই প্ৰতিযোগিতা খন সমগ্ৰ দেশৰ অৰ্দ্ধ শতাধিক দলৰ মাজত বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱাৰ পিছত ২৩ আগষ্টত কেৰেলাৰ কচিত আঠটা দলৰ মাজত চেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত হৈছিল ।
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰযোজিত প্ৰতিযোগিতা খনত দ্বিতীয় স্থান লাভ কৰা নগাঁৱৰ প্ৰতিযোগী দুজনে এটা ট্ৰফী , একোটাকৈ মেডেল , প্ৰমাণ পত্ৰৰ লগতে ৭৫ হেজাৰ টকা লাভ কৰিছে ।
আৰু পঢ়ক: সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us