ঢকুৱাখনাৰ লোক শিল্পী  মিনু দাস বৰালৈ “মহীয়সী  নাৰী” সন্মান

ঢকুৱাখনাৰ লোক শিল্পী  মিনু দাস বৰালৈ “মহীয়সী  নাৰী” সন্মান

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ লোক শিল্পী  মিনু দাস বৰালৈ “মহীয়সী  নাৰী” সন্মান

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনাৰ সমাজ জীৱনৰ এক সু পৰিচিত নাম মিনু দাস বৰা ।  সংহত শিশু উন্নয়ন প্ৰকল্প  ঢকুৱাখনাৰ মুখ্য সেৱিকা হিচাপে কৰ্মৰত ৫ নং ৱাৰ্ডৰ নিবাসী এইগৰাকী  অগ্ৰণী  কাব্য সাংস্কৃতিক সাধকে ২০২২ বর্ষৰ "মহীয়সী নাৰী" সন্মানেৰে বিভূষিত হৈ ঢকুৱাখনালৈ অনাবিল গৌৰৱ কঢ়িয়াই আনিছে । 

Advertisment

ৰাজ্যখনৰ  অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান "নেবকাছ" ( NEBCUS) ৰ তৰফৰ পৰা  মিনু দাস বৰালৈ এই বঁটা আগবঢ়োৱা হৈছে।  আন্তৰ্জাতিক নাৰী দিৱসৰ সতে সংগতি ৰাখি  "নেৱকাছ" ৰ উদ্যোগত  গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মিনু দাস বৰাই অসমীয়া লোক সংগীতৰ ওপৰত নিৰবিছিন্ন ভাবে চলাই অহা চৰ্চা আৰু অসমীয়া জাতীয় জীৱনৰ পৰা  লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰা এই  পৰম্পৰাগত লোক সংগীতৰ প্ৰসাৰ প্ৰচাৰত গ্ৰহণ কৰি অহা মুখ্য আৰু অগ্ৰণী ভূমিকাৰ বাবে সমাজ হিতৈষী সংগঠনটোৰ তৰফৰ পৰা আন্তৰ্জাতিক "মহীয়সী নাৰী" বঁটা ২০২২  প্ৰদান কৰে।

 দ্বিতীয় বাৰ্ষিক "নেবকাছ"আন্তঃৰাষ্ট্ৰীয় "মহীয়সী নাৰী" বঁটা  প্ৰাপক মিনু দাস বৰাই  উক্ত মনোজ্ঞ অনুষ্ঠানত অনুষ্ঠিত "কবিতাৰ মহামেল " অনুষ্ঠানত অংশগ্ৰহণ কৰি "নাৰী তুমি ৰূপৰ পূজাৰী" শীৰ্ষক এটা স্বৰচিত কবিতা আবৃত্তি কৰে।  উক্ত মনোগ্ৰাহী আৰু সময়োপযোগী কবিতাৰ বাবে  দাস বৰাক "নেবকাছে" অন্য এক কাব্য বঁটা প্ৰদান কৰে ।

এখন ফুলাম গামোচা , এটা  স্মাৰক , এখন  প্ৰশংসা পত্ৰ , এখন মানপত্ৰ  , এটা সোণৰ মেডেল প্ৰদান কৰে । "নেৱকাছ"ৰ সভাপতি গগনাষ্টম গগৈ  ,সাধাৰণ সম্পাদক বৰষা কাশ্যপৰ লগতে অন্যান্য সন্মানিত  ব্যক্তি সকলে  দাস বৰাৰ  এনে  লোক সংস্কৃতি আৰু লোক সাহিত্যৰ চৰ্চাৰে অসমীয়া জাতীয় চেতনা  উজ্জীৱিতকৰণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ আহ্বান জনায় আৰু  এনে নিৰলস পদক্ষেপ অনুকৰণীয় আৰু প্ৰশংসনীয় বুলি সভাত মন্তব্য কৰে ।

assam dhakuakhana