/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/eac8387c-b291-4de6-b411-ef6aae14da6a/ghh.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকণ্ঠ ড°ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বটা।মৰিয়নিৰ চেলেংহাটৰ উৰ উৰ অভ্ৰভেদী উৰ নামৰ এক অনুষ্ঠানে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিনতো পালন কৰি আহিছে আস্থাৰ দিন হিচাপে।
দেওবাৰে নিশা সুধাকণ্ঠ গৰাকীৰ দ্বাদশ মৃত্যু তিথিৰ আস্থাৰ দিন শীৰ্ষক অনুষ্ঠানত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক প্ৰদান কৰে এই সোৱৰণী সমন্বয় বঁটা।চেলেংহাটৰ বৰনগঞা ৰংগমঞ্চত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত শিল্পীজনক বটা প্ৰদান কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে।
Also Read: প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন