সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা'

: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২' ।
সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা'
User

ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২' ।বুধবাৰে কৃষ্ণাইত অনুষ্ঠিত বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিৰ সাধাৰণ সভাত আনুষ্ঠানিকভাৱে এই বঁটা ঘোষণা কৰা হৈছে।

সাংবাদিক দেৱনাথে দীৰ্ঘ বছৰৰ পৰা সংবাদ ক্ষেত্ৰখনলৈ বিশেষভাৱে অৰিহনা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, গোৱালপাৰা জিলাত সাংবাদিকতাৰ বাটকটীয়া স্বৰূপ তথা বিশিষ্ট সাংবাদিক প্ৰয়াত নৃপেন বৰুৱাৰ সোঁৱৰণত সংঘৰ জিলা সমিতিখনে প্ৰতি বছৰে অসমৰ একোগৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰা হ'ব বুলি সংঘৰ জিলা সভাপতি চৈয়দ ৰবিউল হকে জানিব দিয়ে।এ

ই বঁটাত আছে এটা স্মাৰক, এখন মান পত্ৰ,এখন চেলেং আৰু নগদ ধন।ঘোষণা কৰা বঁটাটো চলিত বৰ্ষৰ ২৮ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।জিলা বাৰ্তা জীৱী সংঘই বঁটাটোৰ বাবে সাংবাদিক কন্দৰ্প কমাৰ দেৱনাথৰ নাম ঘোষণা কৰাৰ পিচতে তেওঁক সতীৰ্থ সাংবাদিক আৰু বহু লোকে অভিনন্দন জ্ঞাপন কৰিছে। সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ কৃষ্ণাই প্ৰেছ ক্লাবৰ উপ-সভাপতি।

আৰু পঢ়ক: দলবদ্ধ ধৰ্ষণ, পৰিয়ালৰ ৯ জনক হত্যা! দোষীৰ মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত বিলকিছ বানো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in