/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/jayanti.jpg)
ডিজিটল সংবাদ, বেবেজীয়া: নগাঁও চহৰৰ আমোলাপট্টিৰ নিবাসী তথা শিশু সাহিত্যিক-কবি জয়ন্তী বৰাক চলিত বৰ্ষৰ বাবে "ব্ৰহ্মপুত্ৰ উপত্যকা শিশু সাহিত্য বঁটা'ৰ বাবে নিৰ্বাচিত কৰিছে গুৱাহাটীৰ 'ব্ৰহ্মপুত্ৰ উপত্যকা সাহিত্য গোষ্ঠীয়ে' ৷ তেখেতৰ স্বৰচিত 'আইচেং' শিশু উপন্যাস খনৰ বাবে এইছ চি দাস মেমৰিয়েল ফাউণ্ডেচনৰ সহযোগী অনুষ্ঠান ' 'ব্ৰহ্মপুত্ৰ উপত্যকা শিশু সাহিত্য বঁটা'ৰ বাবে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে বৰা সামাজিক,সাংস্কৃতিক আৰু সমাজ হিতকৰ কামৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত থকাৰ লগতে কবিতা পুথি ৰামধেনু দেশৰ ছোৱালীজনী,কবিতা মোৰ বুকুৰ সুবাদ,ছান্দিনী জৰীৰ সুগন্ধি,শিশু গল্প 'ইৰিকটি মিৰিকটি চৰাই -চিৰিকটি,দুকুলী আইতাৰ কাহিনী আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্যানুগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷
জনপ্ৰিয় শিশু সাহিত্যিক গৰাকী অসম সাহিত্য সভা আৰু অসম কবি সন্মিলনৰ আজীৱন সদস্য ৰূপে জড়িত৷ সকলোৰে মাজত জনপ্ৰিয় বৰাৰ এই কৃতিত্বত সাহিত্যানুৰাগী মহলে শুভেচ্ছা জনাইছে৷
আৰু পঢ়ক: পুনৰ আলফা(স্বা)ত যোগদান ১২ যুৱকৰ…