অনাতাঁৰ শিল্পী দিগেন মহন্তলৈ সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা বঁটা

নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান 'গান্ধাৰ'ৰ উদ্যোগ আৰু সুৰ-ৰত্ন পৰিয়াল বৰ্গৰ সহযোগত সুৰৰত্ন প্ৰয়াত যজ্ঞ বেজবৰুৱা দেৱৰ ৮৪ সংখ্যক জন্মদিন পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
অনাতাঁৰ শিল্পী দিগেন মহন্তলৈ সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা বঁটা

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান 'গান্ধাৰ'ৰ উদ্যোগ আৰু সুৰ-ৰত্ন পৰিয়াল বৰ্গৰ সহযোগত সুৰৰত্ন প্ৰয়াত যজ্ঞ বেজবৰুৱা দেৱৰ ৮৪ সংখ্যক জন্মদিন পালন কৰা হয়। সঙ্গীত শিল্পী মঞ্চ,নগাঁৱৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠান উদযাপন কৰা হয় ।

Advertisment

সুৰ ৰত্নৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে সু্ৰৰত্নৰ পৰিবাৰ মিনতি বেজবৰুৱাই ।কণ্ঠশিল্পী টুটুমণি বৰাৰ এটি বৰগীতেৰে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় ।গান্ধাৰ সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সুৰ ৰত্নৰ এটি অন্যতম সৃষ্টি সমৱেত সংগীত পৰিবেশন কৰা হয় । লগতে তেখেতৰ অনন্য সুৰ সমৃদ্ধ আন এটি গীতত গান্ধাৰৰ তৰফৰ পৰা আগবঢ়াই এক নান্দনিক নৃত্যানুষ্ঠান ।

গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী, নগাঁৱৰ গৌৰৱ দিগেন মহন্তলৈ ২০২২ বৰ্ষৰ সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট শিল্পী-সাহিত্যক তথা শিল্প-প্ৰাণ গুণমুগ্ধৰ লগতে গুৱাহাটী আৰু তিনিচুকীয়াৰো কেইবাগৰাকী ব্যক্তি।

এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ,চেলেং,গামোচা আৰু আৰ্থিক মাননী ।অনুষ্ঠানটিত উপস্থিত বিশিষ্ট ব্যক্তিসকলক গান্ধাৰৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনায়। লগতে সুৰ-ৰত্নৰ পৰম মিত্ৰ বিশিষ্ট তবলাবাদক টঙ্কেশ্বৰ বৈদ্য, বিশিষ্ট বেহেলাবাদক তাৰিণী মোহন শৰ্মা আৰু বিশিষ্ট চলচিত্ৰ সম্পাদনাকৰী তথা চিত্ৰ সাংবাদিক মুকুট চন্দ্ৰ ভূঞাক আয়োজকৰ দ্বাৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানটিত উপস্থিত বিশিষ্ট সুৰকাৰ,সংগীত প্ৰযোজক বিপুল বৰুৱা, সাংস্কৃতিক উন্নয়ণ বিষয়া গোবিন্দ বৈশ্য আৰু দুলীয়াজানৰ শিল্পী দম্পতীদ্বয় ক্ৰমে পাৰ্থ প্ৰতিম দত্ত আৰু বীণাপাণি দত্তকো বিশেষভাৱে সম্বৰ্ধিত কৰা হয় । ৰোমন্থন শীৰ্ষক কাৰ্যসূচীৰ মাজেৰে সুৰ ৰত্নৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলে অতীতৰ দিনবোৰ সোঁৱৰি কিছু আবেগিক হৈ পৰে ।

'সুৰৰ মাজত যজ্ঞ বেজবৰুৱাক বিচাৰি' শীৰ্ষক গীতৰ অনুষ্ঠানৰ জৰিয়তে যজ্ঞ বেজবৰুৱা দেৱৰ কেইবাটিও কালজয়ী গীত পৰিবেশন কৰে । বিশিষ্ট শিল্পী আৰিফ উল হক, মৃগেন দাস, নিলোৎপল গায়ন,দীপশিখা বৰদলৈ, ৰিমলী শৰ্মা বৰা,পাৰ্থ প্ৰতিম দত্ত, নিখিল বৰুৱা,ঋতুৰাণী মৌচুমী,সন্তোষ কলিতা,পল্লৱী শৰ্মা,বিৰিঞ্চি বৰা আৰু মনদীপ মহন্তই ।

মুম্বাইস্থিত সু-গায়িকা নগাঁৱৰ জীৱৰী ৰীতা বৰা অধিকাৰীয়ে এই বিশেষ দিনটোৰ বাবে প্ৰস্তুত কৰি উলিওৱা সুৰৰত্নৰ অপূৰ্ব সৃষ্টি 'জীৱনৰ বাটে বাটে..ৰ লিৰিকেল ভিডিঅ' টিও আনুষ্ঠানিকভাৱে ইয়াতে শুভ উন্মোচন কৰা হয় ।

assam award