বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা

বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা

author-image
asomiyapratidin
New Update
বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ  মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা

ডিজিটেল সংবাদ, কয়াকুছি : মিছন বসুন্ধৰাৰ কাম- কাজ সূচাৰূৰুপে তথা তৰান্বিত ভাবে কৰাৰ বাবে নামনি অসম মণ্ডলৰ পৰা বৰপেটা জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসে লাভ কৰিছে শ্ৰেষ্ঠত্বৰ সন্মান ৷

Advertisment

ফেব্ৰুৱাৰী ২০২২বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰা খনিন দাসে প্ৰায় আঢ়ৈ মাহতে দিন-ৰাতি একাকাৰ কৰি মিছন বসুন্ধৰাৰ প্ৰায় সংখ্যক কাম সমাধান কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

নামনি অসমৰ শ্ৰেষ্ঠ অতিৰিক্ত উপায়ুক্তৰ সন্মান লাভ কৰা খনিন দাসে বৰপেটা জিলা উপায়ুক্ত তেজপ্ৰসাদ ভুচালক ধন্যবাদ জনোৱাৰ লগতে মিছন বসুন্ধৰাত কৰ্মৰত আই,টি চেলৰ কৰ্মী সকলোকো ধন্যবাদ জনাইছে ৷

উল্লেযোগ্য যে পৰহি অসমৰ মুখ্যমন্ত্ৰী হাতৰ পৰা এই শ্ৰেষ্ঠত্বৰ বঁটা গ্ৰহণ কৰিছে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে। বিশ্বনাথ জিলাৰ গহপুৰত জন্ম গ্ৰহণ কৰা খনিন দাসে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা ২০১০ চনত প্ৰথমে ডিফুত অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে কৰ্মত যোগদান কৰিছিল ৷

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এম ফিল ডিগ্ৰী গ্ৰহণ কৰা খনিন দাসে প্ৰায় আঢ়ৈ মাহ পূৰ্বে বৰপেটা জিলাত অতিৰিক্ত উপায়ুক্ত ৰূপে যোগদান কৰিছিল ৷ অসম অসামৰিক সেৱাত যোগদান কৰাৰ পূৰ্বে খনিন দাস গুৱাহাটী মালিগাওঁৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক আছিল ৷ স্মৰ্তব্য যে খনিন দাসৰ পত্নী লখিমী দত্তয়ো বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ৷

আৰু পঢ়ক: আৰক্ষীৰ অভিযান, ফাৰ্মাচীৰ পৰা ঔষধৰ সলনি ওলাল বিলাতী সুৰা…

assam barpeta