‘নাৰী’ আৰু ‘অসহায়’য়ে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান…

‘নাৰী’ আৰু ‘অসহায়’য়ে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান…

ডিজিটেল সংবাদ,নগাঁও : চাউথ ইণ্ডিয়ান ফিল্ম ফেচটিভেল এৱাৰ্ড ২০২২ত নগাঁৱৰ চন্দন দাধৰাৰ 'নাৰী'(The Women)য়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইতিপূৰ্বে অনলাইন যোগে অনুষ্ঠিত চুটি ছবি প্ৰতিযোগিতাত দেশৰ ৪০৭২ খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল ৷ নগাঁৱৰ পুৰণিগুদাম ৰান্ধনীচুকৰ চন্দন দাধৰাৰ পৰিচালনাৰ নাৰী ছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিত্ৰ নাট্যৰ সন্মানো লাভ কৰিছে ।

'নাৰী' প্ৰযোজনাত আছে ৰাম ৰায় ।ছবিখনৰ পৰিকল্পনা বাবী কুমাৰ গোস্বামীৰ আৰু কাহিনী সুনীতা শৰ্মাৰ ৷ আন হাতে আন এখন চুটি ছবি "অসহায়" (Helpless) য়েও মহোৎসৱটিত সন্মান বুটলিবলৈ সক্ষম হৈছে । অসহায়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে ৷ অসহায়ৰ পৰিকল্পনা নমিতা বৰা আৰু প্ৰৱাহন কাশ্যপৰ ৷ কাহিনী মুকুল বৰাৰ ৷ বিভিন্ন শিতানত সন্মন বুটলিবলৈ সক্ষম হোৱা দুয়োখন চুটি ছবিৰে পৰিচালক চন্দন দাধৰা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in