"প্ৰতিদিন ডিজিটেল"ৰ সাংবাদিক অমৃত পৱন বৰালৈ "নেবকাচ" সৃষ্টিশীল ৰাষ্ট্ৰীয় সাংবাদিকৰ বঁটা-২০২২

দেওবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত দেওবাৰে "নেবকাচ"ৰ সপ্তম বাৰ্ষিক ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২২ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
"প্ৰতিদিন ডিজিটেল"ৰ সাংবাদিক অমৃত পৱন বৰালৈ "নেবকাচ" সৃষ্টিশীল ৰাষ্ট্ৰীয় সাংবাদিকৰ বঁটা-২০২২

award

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ৰাজ্যখনৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা "নেবকাচ"ৰ তৰফৰ পৰা বিগত ৬ টা বছৰ ধৰি সাহিত্য, সংস্কৃতি, শিক্ষা , পৰিৱেশ ক্ষেত্ৰখনৰ সতে জড়িত বিশিষ্ট ব্যক্তি সকলক বিশেষ মান্যতা প্ৰদানেৰে স্বকীয় ক্ষেত্ৰখনত অধিক আত্ম উৎসৰ্গাৰে কৰ্মত ব্ৰতী হোৱাত উদগনি জনাই আহিছে ।  তাৰেই অংশ হিচাপে দেওবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত দেওবাৰে "নেবকাচ"ৰ সপ্তম বাৰ্ষিক ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২২ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

Advertisment

"নেবকাচ"ৰ  সভাপতি গগনাষ্টম গগৈ , সাধাৰণ সম্পাদক বৰষা কাশ্যপকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া উপস্থিত থকা অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় । লোক সংগীত শিল্পী মিনু দাস বৰাৰ লোক গীত পৰিবেশনেৰে আৰম্ভ হোৱা সপ্তম বাৰ্ষিক "নেবকাচ" ভাৰত ৰত্ন ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২২ প্ৰদান অনুষ্ঠানত উপস্থিত অভ্যাগত সকলক "নেবকাচ"ৰ ত্ৰিভুৱনী বস্ত্ৰৰে সন্মান জনোৱা হয় ।

"নেবকাচ"ৰ প্ৰতিষ্ঠা কালৰে পৰা সাম্প্ৰতিক সময়লৈকে ৫০০০ ৰো অধিক ভিন্ন ক্ষেত্ৰৰ পুৰোধা ব্যক্তিক ৰাষ্ট্ৰীয়  আৰু সাধাৰণ  বঁটা প্ৰদান  অনুষ্ঠানত শুভেচ্ছা মূলক ভাষণ আগবঢ়াই সাংস্কৃতিক সাধক মনিষা হাজৰিকা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ডঃ হেমন্ত কুমাৰ দাস ,ডঃ অমিয়া পাটৰ, বিৰাজ গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী স্বনামধন্য আৰু বিশিষ্ট ব্যক্তিয়ে ।

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা , মন্মথ কলিতা আদিও উপস্থিত থকা জনাকীৰ্ণ অনুষ্ঠানত ডঃ হেমন্ত কুমাৰ দাস , মিনু দাস বৰা, বিৰাজ গগৈ,  অমৰজ্যোতি ঘোষ, প্ৰেমানন্দ তালুকদাৰ ,মিন্টু কুমাৰ মেধিকে প্ৰমুখ্য কৰি অৰ্ধ শতাধিক ভিন্ন ক্ষেত্ৰৰ শ্রেষ্ঠ ব্যক্তিক ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা  "নেবকাচ"  বঁটা আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ।

সভাতেই "অসমীয়া প্ৰতিদিন" আৰু "অসমীয়া প্ৰতিদিন ডিজিটেল" ৰ জ্যেষ্ঠ  সাংবাদিক অমৃত পৱন বৰাক সপ্তম বাৰ্ষিক ভাৰত ৰত্ন  ডঃ ভূপেন হাজৰিকা  শ্ৰেষ্ঠ সৃষ্টিশীল সাংবাদিকৰ ৰাষ্ট্ৰীয় বঁটা ২০২২ প্ৰদান কৰা হয় । গীত নৃত্যৰ অপূৰ্ব সমাহাৰ ঘটা এই মনোজ্ঞ অনুষ্ঠানৰ "নেবকাচ"ৰ  সভাপতি গগনাষ্টম গগৈয়ে আঁত ধৰে আৰু বঁটা প্ৰাপক সম্বৰ্ধিত ব্যক্তি সকলক প্ৰশস্তি পত্ৰ , ফুলাম গামোচা , স্মাৰক আৰু মেডেলেৰে  সন্মানিত কৰা হয় । 

assam dhakuakhana