
ডিজিটেল সংবাদ, ছয়দুৱাৰ: ২০১৯ চনৰ ১ জুন।এই দিনটোতেই অজস্ৰজনক শোকৰ সাগৰত বুৰাই চিৰ দিনৰ বাবে চকু মুদিছিল তেজপুৰৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ,উদ্যোগপতি, সাংস্কৃতিক কৰ্মী তথা সমাজ সংগঠকে। নাম তেওঁৰ পৱন কুমাৰ নাথ।
কৰ্মদক্ষতা,মানবীয় প্ৰমুল্যবোধ, কৰ্মনিষ্ঠা,নিয়মানুবৰ্তিতা,কৰ্তব্যপৰায়নতা আৰু সৰলতাপূৰ্ণ জীৱন-যাপনৰ মাধ্যমেৰে ব্যক্তিৰ পৰা সমষ্টিলৈ গুছি গৈ স্থিতপ্ৰজ্ঞৰ দৰে তেজপুৰৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ পৰিছিল। তেওঁ তেওঁৰ কৰ্মৰ জৰিয়তে দাঙি ধৰিছিল মানবীয় প্ৰমুল্যবোধ আৰু নিষ্ঠা-সততা পূৰ্ণ কৰ্মসংস্কৃতিৰ নিদৰ্শন।
জীৱন যাত্ৰাৰ সকলো প্ৰাত্যাহিক তুচ্ছতাক অতিক্ৰম কৰি মানৱতাৰ জয়গান গাই তেওঁ অহৰহ নিজকে নিমজ্জিত কৰি আহিছিল। ব্যাৱসায়,সাংস্কৃতিক,আধ্যাত্মিক,ধৰ্মীয়, ক্ৰীড়া আৰু বৌদ্ধিক উত্তৰণৰ বাবে তেওঁ গ্ৰহণ কৰি অহা ব্যতিক্ৰমী পদক্ষেপ সমূহ সদায় চিৰস্মৰণীয় তেজপুৰ বাসীৰ বাবে।
জীৱন যাত্ৰাৰ সকলো প্ৰাত্যাহিক তুচ্ছতাক অতিক্ৰম কৰি কৃতকাৰ্য্যতাৰে জীৱনৰ জয়গান গাই ভাল পোৱা পৱন কুমাৰ নাথে জীৱন পৰিক্ৰমাৰ ৫৬ বছৰ বয়সত অকাল মৃত্যক আকোৱালি লৈ সামৰণি মাৰে জীৱন নাটৰ।এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ কিংবদন্তী স্বৰূপ পৱন কুমাৰ নাথৰ স্মৃতি যাউতীযুগীয়া কৰিবলৈ তেওঁৰ সুযোগ্যা পত্নী মীনাক্ষী চহৰীয়া নাথৰ লগতে পৰিয়াল বৰ্গই ২০২০ চনৰ পৰা তেওঁৰ পবিত্ৰ স্মৃতিত বঁটা প্ৰদান কৰি আহিছে।
প্ৰগতিশীল চিন্তা ধাৰাৰ বিশিষ্ট ব্যক্তিগৰাকীৰ ৬০ সংখ্যক ওপজা দিন উপলক্ষে আজি "পৱন কুমাৰ নাথ সোঁৱৰণী যুৱ ব্যৱসায়ী বঁটা" প্ৰদান কৰা হয় উত্তৰ পূৰ্বাঞ্চল ভিত্তিত শ্ৰেষ্ঠ মীন পালকৰ সন্মানেৰে সন্মানিত তথা গহপুৰৰ জকাপাৰাৰ মহাবাহু ফিছাৰিজৰ স্বস্তাধিকাৰী,প্ৰতিষ্ঠিত মীন পালক অনুপ কুমাৰ শৰ্মাক।সেই উপলক্ষে গহপুৰৰ মহাবাহু ফিছাৰিজৰ চৌহদত আজি দিনৰ ২ বজাৰ পৰা সৃষ্টি ইণ্টাৰনেছনেল চছাইটিৰ সৌজন্যত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: অঞ্জন কুমাৰ ওজাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰতিষ্ঠিত মীন পালক অনুপ কুমাৰ শৰ্মাক আনুষ্ঠানিকভাৱে ভাৱে ২০২৩ বৰ্ষৰ বাবে পৱন কুমাৰ নাথ সোঁৱৰণী যুৱ ব্যৱসায়ী বঁটা প্ৰদান কৰা হয়।উক্ত বঁটাত আছে এখন পাটৰ ফুলাম গামোচা, এখন পাটৰ চেলেং,মিছিং জনগোষ্ঠীয় এখন মাৰ্ফলা,এখন সম্বৰ্ধনা পত্ৰ,এটা স্মাৰক,পৱন কুমাৰ নাথৰ স্মৃতি বিজড়িত "খোজ" নামৰ এখন কিতাপ আৰু ১৫,২৬৩ টকাৰ এখন চেক।
মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই আঁত ধৰা অনুষ্ঠানটোত অনুপ কুমাৰ শৰ্মাক উক্ত বঁটা প্ৰদান কৰে পৱন কুমাৰ নাথৰ পত্নী মীনাক্ষী চহৰীয়া নাথৰ লগতে মীনাক্ষী চহৰীয়া নাথৰ ভগ্নী তথা জনপ্ৰিয় কণ্ঠশিল্পী তথা শিক্ষাবিদ ড: মৌচুমী চহৰীয়া আৰু ভাতৃ তথা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ তেজপুৰ ৰিজনেল অফিচৰ ৰিজনেল অফিচাৰ জয়ন্ত চহৰীয়াই।সঞ্চালকৰ ভাষণত ড: অঞ্জন কুমাৰ ওজাই কয় যে প্ৰয়াত স্বামীৰ স্মৃতি বুকুৰ মাজত জীয়াই ৰাখিবলৈ তেওঁৰ পত্নী মীনাক্ষী চহৰীয়া নাথে যোৱা চাৰিবছৰ ধৰি যি প্ৰচেষ্টা চলাই আহিছে সেয়া আজিৰ সমাজৰ বাবে নিত্যান্তই আদৰণীয়।
অনুষ্ঠানটোত গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াই কয় যে স্বামীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিক আজীৱন জীয়াই ৰাখিবলৈ মীনাক্ষী চহৰীয়া নাথে পৰিয়ালৰ সহযোগত গ্ৰহণ কৰা পদক্ষেপ সঁচাই প্ৰশংসনীয়।প্ৰায় ১৩০ কিলোমিটাৰ দুৰৰ পৰা এনেদৰে বঁটা আগবঢ়াবলৈ অহাটো সঁচাই এক ব্যতিক্ৰম কাৰ্য্যসূচী বুলি উল্লেখ কৰে ভুৱন শইকীয়াই। অনুষ্ঠানটোত বঁটা প্ৰাপক অনুপ কুমাৰ শৰ্মাই তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত পৰিয়ালটোৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাই শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত ড: মৌচুমী চহৰীয়াই প্ৰয়াত ভিনদেউ পৱন কুমাৰ নাথৰ স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰাৰ লগতে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মীনাক্ষী চহৰীয়া নাথে সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
আৰু পঢ়ক: আমাৰ কৃষ্টি-সংস্কৃতি আমি নিজেই ৰক্ষা কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰীকা