অনুভা দত্তক বৈকুণ্ঠী সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী স্মাৰক শৈক্ষিক বঁটা প্ৰদান

অনুভা দত্তক বৈকুণ্ঠী সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী স্মাৰক শৈক্ষিক বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
অনুভা দত্তক বৈকুণ্ঠী সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী স্মাৰক শৈক্ষিক বঁটা প্ৰদান

ডিজিটেল সংবাদ,ঢকুৱাখনা: উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠ ঢকুৱাখনা মহকুমাৰ শ্ৰী  শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ।  ১৬৫৬ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এই সত্ৰৰ অন্যতম একনিষ্ঠ  বৈষ্ণৱী বৈকুণ্ঠী সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী প্ৰভুৰ সশ্রদ্ধ স্মৰণত বিগত ২০১১ চনৰ পৰাই সত্ৰাধিকাৰ গৰাকীৰ পৰিয়ালবৰ্গই ন্যাসৰ পুঁজিৰে প্ৰদান কৰি আহিছে স্মাৰক শৈক্ষিক বঁটা ।

Advertisment

ঢকুৱাখনা মহকুমাটোৰ  ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ সৰ্বোচ্চ নম্বৰ প্ৰাপক গৰাকীক শৈক্ষিক উত্তৰণ পথত উদগনি যোগোৱাৰ লগতে ভগৱন্তৰ শ্ৰী চৰণৰ একাজলী আশীৰ্বাদ সহ প্ৰদান কৰি অহা এই বঁটা এই বৰ্ষত অর্জন কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ মেধাবী ছাত্ৰী অনুভা দত্তই । এই পৰম্পৰাগত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানভাগি বুধবাৰে ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়। 

সত্ৰ উন্নয়ন সমিতিৰ সভাপতি ভূপেন্দ্ৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ প্ৰাৰম্ভতে এই পবিত্ৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী ভক্তিপূৰ্ণ মংগল ধ্বনিৰ মাজত বৈকুণ্ঠী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মহেশ চন্দ্ৰ গোস্বামী প্ৰভুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে।

সত্ৰৰ বৰ নামঘৰ প্ৰাঙ্গনত আয়োজিত এই অনুষ্ঠানত প্ৰসিদ্ধ নামাচাৰ্য তথা  শিৱসাগৰ বগীদল শ্রীশ্রী চুপহা এলেঙ্গী সত্রৰ ডেকা সত্ৰীয়া ধৰ্মেশ্বৰ মহন্ত মুখ্য বক্তা হিচাবে উপস্থিত  থাকে।  ঢকুৱাখনা মহকুমাৰ বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ, বঁটা প্ৰাপকৰ অভিভাৱক , প্ৰবীণ সমাজহিতৈষী , ন্যাসৰ সমস্ত বাপ বান্ধৱ,সমূহ সত্ৰ পৰিয়ালৰ আৰু অগণন ভক্ত বৈষ্ণৱ উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাতেই শংখ ,ঘণ্টা ,ডবা ,কাঁহ আৰু আয়তীৰ উৰুলি বিশিষ্ট মংগল ধ্বনিৰ মাজত স্মাৰক বঁটা প্ৰদান কৰা হয় ।

বিজু দেৱ গোস্বামীযে আঁত ধৰা অনুষ্ঠানত  ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ কুমাৰ দত্ত আৰু শিক্ষয়িত্ৰী  কাঞ্চন দত্তৰ কন্যা মেধাবী ছাত্ৰী অনুভা দত্তৰ অনুপস্থিতিত এই বৰেণ্য বঁটা গ্ৰহণ কৰে মেধাবী ছাত্ৰী গৰাকীৰ মাতৃ কাঞ্চন  দত্তই।

প্ৰয়াত সত্ৰাধিকাৰ প্ৰভু গৰাকীৰ সশ্রদ্ধ স্মৰণত আগবঢ়োৱা বঁটা এখন গামোচা,এখন  মানপত্ৰ,সফুৰা, নগদ ধন, গ্ৰন্থ সম্ভাৰ আৰু অংগবস্ত্ৰই শোভিত কৰে। পৰম্পৰাগত নীতি ৰীতিৰে কেৱল আধ্যাত্মিক ক্ষেত্ৰতে  মনোনিবেশ কৰাৰ পৰিবৰ্তে  সত্ৰ পৰিয়ালে শৈক্ষিক ক্ষেত্ৰখনৰ সমুজ্জল তাৰকা সকলক আশীৰ্বাদ বিশিষ্ট প্ৰেৰণা প্ৰদানত আত্মনিয়োগ কৰা এনে অনুকৰণীয়  পদক্ষেপ বাস্তৱিকতে  প্ৰশংসনীয় হিচাবে জনদৃষ্টিত ধৰা দিছে।

Also Read: ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন