ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ অসমৰ প্ৰধানতম বৈষ্ণৱ পীঠ, ঢকুৱাখনাৰ ঐতিহাসিক আধ্যাত্মিক সম্ভ্রম শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ। এই সত্ৰ পৰিয়ালৰ সামূহিক প্ৰচেষ্টাত বিগত ১৪ বছৰীয়া পৰম্পৰাৰ ধাৰবাহিকতা অব্যাহত ৰাখি এইবছৰো আয়োজন কৰা হৈছে জিলা ভিত্তিক মেধাবী শিক্ষাৰ্থীক স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ ।
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সিংহপুৰুষ বৈকুণ্ঠী সত্ৰাধিকাৰ শ্ৰী শ্ৰী অচ্যুতচন্দ্ৰ দেৱ গোস্বামী প্ৰভুৰ সশ্ৰদ্ধ সোঁৱৰণত যোৱা ২০১০ বর্ষৰ পৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছে সত্ৰ পৰিয়ালে। হাইস্কুল শিক্ষান্ত অৰ্থাৎ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ জিলাখনৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বাধিক নম্বৰ প্ৰাপক মেধাবী শিক্ষাৰ্থীক প্ৰতি বছৰে প্ৰদান কৰি অহা এই উদগনিমূলক বঁটা প্ৰদান অনুষ্ঠান এইবাৰ অহা ১৮ আৰু ১৯ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ।
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ প্ৰাংগণত অনুষ্ঠিত হব লগা এইবর্ষৰ মৰ্য্যদাপূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ পানীগাওঁস্থিত মাৰীয়াছ চিলড্রেন একাডেমীৰ মেধাবী শিক্ষাৰ্থী শ্ৰীমতী ভাগ্যশ্ৰী দাসে । লখিমপুৰৰ পানী গাঁও নিবাসী বৈকুণ্ঠ দাস আৰু নীহাৰিকা দাসৰ কন্যা ভাগ্যশ্রী দাসে অসমীয়া বিষয়ত জিলাখনৰ ভিতৰত সৰ্বাধিক ৯৮ নম্বৰ লাভ কৰি স্বকীয় মেধাত্বৰ পৰিচয় ডাঙি ধৰিছে ।
ইয়াৰোপৰি কৃতিমান ভাগ্যশ্রীযে ইংৰাজী বিষয়ত ৯৬ নম্বৰ , সাধাৰন বিজ্ঞান বিষয়ত ৭৮ নম্বৰ , সাধাৰণ গণিত বিষয়ত ৭১নম্বৰ , সমাজ বিজ্ঞান বিষয়ত ৯৮ নম্বৰ , বুৰঞ্জী বিষয়ত ৯৩ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৩৪ নম্বৰ অর্জন কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি পানী গাঁও মাৰীয়াছ ছিলড্ৰেন একাডেমীত উচ্চতৰ মাধ্যমিক কলা শাখাত অধ্যনৰত কৃতিমান ছাত্ৰী গৰাকীক অহা ১৯ডিচেম্বৰত এই সিংহপুৰুষ প্ৰয়াত শ্ৰীশ্ৰী অচ্যুতচন্দ্ৰ দেৱ গোস্বামী প্ৰভু স্মাৰক বঁটা আগবঢ়োৱা হব।
বাসুদেৱ থান নৰোৱা সত্ৰৰ উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে জনোৱা মতে প্ৰথম দিনা পুৱা প্ৰাতঃ প্ৰসংগ, আই নাম প্ৰসংগ আদিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি বৈকুণ্ঠী সিংহপুৰুষ জনাৰ দিনজোৰা সশ্ৰদ্ধ স্মৰণ কৰা হব । দ্বিতীয় দিনা বঁটা প্ৰদান ও স্মাৰক বক্তৃতা অনুষ্ঠানৰ উদ্বোধন কৰিব ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই । অনুষ্ঠানত বিশিষ্ট শিক্ষাধিদ ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে নিৰ্দিষ্ট বক্তা আৰু লখিমপুৰ শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেম চন্দ্ৰ শইকীয়াই মুখ্য অতিথি হিচাবে উপস্থিত থাকিব । আয়োজক সত্ৰ পৰিয়ালে দুয়োটা দিনৰ কাৰ্যসূচীত শিক্ষাব্রৰ্তী ৰাইজ ,ভক্ত বৈষ্ণবৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।