/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fad95278-6828-451e-bca4-9a1deabf33dd/1.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ পদ্মনাথ ভট্টাচার্যৰ আৰু ৰামনাথ বিশ্বাসৰ স্মৃতিত ২০২৩ বৰ্ষৰ ৰমানাথ ভট্টাচার্য ফাউণ্ডেচনৰ 'পদ্মনাথ বিদ্যাবিনোদ, ৰামনাথ বিশ্বাস সাহিত্য বঁটা' ক্রমে অসমীয়া কবি দিলীপ ফুকন আৰু বঙালী কবি জয় গোস্বামীক প্ৰদান কৰা হয়।
দেওবাৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রত অনুষ্ঠিত হোৱা এটি অনুষ্ঠানত দুয়োগৰাকী কবিকে এই বঁটা প্রদান কৰা হয়। বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰী আৰু জ্যেষ্ঠ সাংবাদিক প্রশান্ত জে বৰুৱাই। দুয়োটা বঁটাতে আছে ৭৫ হেজাৰ টকা, প্রশংসাপত্র, স্মাৰক আৰু মুগাৰ এখন স্কার্ফ ।
Also Read: লখৰাৰ নৱনিৰ্মিত উৰণসেতুত ভয়ংকৰ দুৰ্ঘটনা : আৰক্ষী বিষয়াসহ ৭জন আহত