/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/94b416e9-3122-4a53-9468-d8f5e3c1ba81/5.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত মঙলবাৰে এবিভিপিৰ বৈঠক অনুষ্ঠিত হয়। আবেলি ৫ বজাত অনুষ্ঠিত হোৱা বৈঠকত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন, ৰাজ্যিক সম্পাদক হেৰল মোহন লগতে উত্তৰ কামৰূপ জিলাৰ সভাপতি হেমেন দাস উপস্থিত থাকে ।
বৈঠকখনত শিক্ষা সম্পৰ্কীয় কথা, এন ইপিৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত সকলো ভোটাধিকাৰে ১০০% ভোটদান কৰাক লৈ এক বৈঠক হয়। আনহাতে এই বৈঠকত ৰঙিয়াৰ যুটীয়া সম্পাদক দীপন কলিতা,মানসী কলিতাকে ধৰি কেইবাগৰাকীও এবিভিপিৰ কৰ্মী অংশগ্ৰহণ কৰে ।
Also Read: অৰুণাচলৰ ভূমিৰ পৰা চীনক কঠোৰ সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ