মুম্বাই নহয়, গুৱাহাটীতেই কৰিব পাৰিব ছবি নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ কামঃ বলিউড, টলিউড, ছাউথৰ চিনেমাৰো হ’ব কাম…

মুম্বাই নহয়, গুৱাহাটীতেই কৰিব পাৰিব ছবি নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ কামঃ বলিউড, টলিউড, ছাউথৰ চিনেমাৰো হ’ব কাম…

author-image
asomiyapratidin
New Update
মুম্বাই নহয়, গুৱাহাটীতেই কৰিব পাৰিব ছবি নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ কামঃ বলিউড, টলিউড, ছাউথৰ চিনেমাৰো হ’ব কাম…

ডিজিটেল ডেস্কঃ অসমৰ মৃতপ্ৰায় চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে চৰকাৰৰ এক বিশেষ পদক্ষেপে। সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা অডিঅ'-ভিজুৱেল হাবৰ শুউ উদ্বোধন কৰে। ইয়াৰ লগে লগে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ লগতে সামগ্ৰিক ভাৱে চলচ্চিত্ৰ জগতখনৰ এক বহুদিনীয়া অভাৱ দূৰ হয়।

Advertisment

এই অডিঅ'-ভিজুৱেল হাব মুকলিৰ লগে লগে চলচ্চিত্ৰ নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ বাবে মুম্বাই অথবা চেন্নাইলৈ যোৱাৰ প্ৰয়োজন নহ'ব। ডাবিংকে ধৰি সকলো বোৰ কাম জ্যোতি চিত্ৰবনতে সম্পন্ন কৰিব পাৰিব। কেৱল সেয়াই নহয়, এই অডিঅ'- ভিজুৱেল হাব নিৰ্মাণ হোৱাৰ লগে লগে এতিয়া অসমতেই আহি হিন্দী,ইংৰাজী, তামিল, তেলেগুকে ধৰি সকলো ধৰণৰ চলচ্চিত্ৰৰ পোষ্ট প্ৰডাকশ্যনৰ কাম গুৱাহাটীতে সম্পন্ন কৰিব পাৰিব।

প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই অডিঅ'-ভিজুৱেল হাব মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে- চলচ্চিত্ৰ হৈছে এক শক্তিশালী মাধ্যম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰিছিল। অসমত চলচ্চিত্ৰ ষ্টুডিঅ' নিৰ্মাণৰ সপোন দেখিছিল জ্যোতি প্ৰসাদ আগৰৱালাই।

তেওঁ কয়- ১৯৬১ চনত চৰকাৰৰ উদ্যোগত জ্যোতি চিত্ৰবন নিৰ্মাণ কৰি জ্যোতি প্ৰসাদৰ সেই সপোনক বাস্তুৱ ৰূপ দিয়া হৈছিল। ইয়াৰ পিছত ১৯৬৮ চনত জ্যোতি চিত্ৰবনত শ্বুটিং কক্ষ নিৰ্মাণ কৰি জ্যোতি চিত্ৰবনৰ উন্নয়ন সাধন কৰা হয়।

আনহাতে জ্যোতি চিত্ৰৱনত এতিয়ালৈকে ৫০০ খনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- জ্যোতি চিত্ৰৱনত এতিয়ালৈকে ৫০০ খনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ১৫০০ খন শ্ৰব্য চিডি, ২০০০ খন ভিডিঅ' এলবাম আৰু ৫০০ খন তথ্য চিত্ৰ নিৰ্মাণ কৰা হৈছে।

২০১৮ চনত জ্যোতি চিত্ৰবনত অডিঅ'-ভিজুৱেল হাব নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ১০ কোটি টকা আৱণ্টন দিছিল বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়- ৭০ বিঘা মাটিত থকা জ্যোতি চিত্ৰৱনৰ সামগ্ৰিক উন্নয়ণৰ বাবে মাষ্টাৰ প্লেন তৈয়াৰ কৰিব লাগিব। এই ক্ষেত্ৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ জ্যোতি চিত্ৰৱনত ১৫০০ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও অনুমোদন দিয়ে ।

আনহাতে চৰকাৰে লাচিত বৰফুকনৰ পৰাক্ৰমৰ ওপৰত এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰে। অসমৰ চলচিত্ৰক বহু ভাষিক কৰাৰ আহ্বান জনাই তেওঁ কয় যে, এতিয়া অ' টি টি প্লে'টফৰ্ম অহাৰ পিছত ক'ত ছবি প্ৰদৰ্শন কৰিব সেই বিষয়ে থকা সমস্যাও নাইকীয়া হৈছে।

আনহাতে গুৱাহাটীত আন কেইবাটাও প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, খানাপাৰাত ৫ হাজাৰ দৰ্শক বহিব পৰাকৈ এক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ লগতে মাছখোৱাৰ আই টি এ প্ৰকল্প পুনৰ নতুনকৈ গঢ়ি তুলিবলৈ চিন্তা চৰ্চা কৰা হৈছে। ইতিমধ্যে এই সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত চলচ্চিত্ৰ নীতি নতুন ধৰণে কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যা সাগৰ উপস্থিত থাকে ৷