/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/atul-botra.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ: নগাঁও জিলাৰ চামগুৰি তিনিআলিত পথ দুৰ্ঘটনা । দেওবাৰে মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে পথচাৰীক ।
আঘাট প্ৰাপ্ত লোক জনক সংকটজনক অবস্থাত নগাঁৱলৈ প্ৰেৰণ ।আহত লোক জনৰ নাম মণিকণ দাস, (চামগুৰি)। আনহাতে এই দুৰ্ঘটনাটোত মন্ত্ৰী অতুল বৰাৰ কনভয় গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ৷ ফলত আহত হয় চাৰিজনকৈ নিৰাপত্তাৰক্ষী জোৱান ৷
আহত জোৱান চাৰি জন হ'ল ক্ৰমে কল্যান পাঠক (৩০,ওদালগুৰি),নুৰিমন আলি(৪৫,ছিপাঝাৰ),ভবেশ দাস (৩৮,মঙ্গলদৈ) আৰু দীপক ৰাভা(৪৫,শিলপুখুৰী,গুৱাহাটী) l কেওঁজনকে জখলাবন্ধা এফ আৰ ইউত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাৱে নগাঁৱলৈ প্ৰেৰন কৰা হয় ৷
আৰু পঢ়ক: শোচনীয় হৈয়ে আছে অসমৰ বান পৰিস্থিতি, জানক সৱিশেষ তথ্য…