হাজোত নাৰ্চাৰী পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

হাজোত নাৰ্চাৰী পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

author-image
Asomiya Pratidin
New Update
হাজোত নাৰ্চাৰী  পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

ডিজিটেল সংবাদ,হাজো: অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই দেওবাৰে হাজো-শুৱালকুছি সমষ্টিৰ গেৰুৱা কৃষি চক্ৰৰ অন্তৰ্গত কুলহাটীত আৰু বংশৰ কৃষি চক্ৰৰ অন্তৰ্গত পাকৰকোণাত স্থাপন কৰা দুখনকৈ ফুলৰ নাৰ্চাৰী পৰিদৰ্শন কৰে। কুলহাটীৰ জীতেন দাস আৰু পাকৰকোণাৰ ৰামেশ্বৰ দাসৰ ৰজনী গন্ধা ফুলৰ নাৰ্ছাৰী পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই কয় হাজো ফুলৰ খেতিৰ বাবে বিখ্যাত। কিন্তু বিভিন্ন সময়ত উপযুক্ত বজাৰ আৰু শীততাপ নিয়ন্ত্ৰিত কোঠাৰ অভাৱত খেতিয়ক সকল বাৰুকৈয়ে সমস্যাত পৰে।

Advertisment

অসমৰ মুখ্যমন্ত্ৰীয়ে কৃষি খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে সেয়ে কৃষক সকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি কয় অতুল বৰাই। লগতে মুখ্যমন্ত্ৰীয়ে বাণিজ্যিক লাভ থকা কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। কৃষক সকলৰ সহায় হোৱাকৈ পি এম কিষাণৰ অধীনত সোতৰ সংখ্যক কিস্তি মোকলাই দিছে আৰু ৰাজ্য চৰকাৰেও কৃষক সকলৰ বাবে বিভিন্ন সুবিধা আগবঢ়াইছে বুলি কয় মন্ত্ৰী বৰাই। লগতে কয় যে, যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য। তেনে ক্ষেত্ৰত যদি কৃষি খণ্ডত এক যুগন্তকাৰী পৰিৱৰ্তন আনিব পৰা যায় তেনেহলে অসম অৰ্থনৈতিক ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হব।

আজিৰ এই কৃষি পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে,জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জী, মহকুমা কৃষি বিষয়া,উদ্যান শস্য কামৰূপ গীৰেন্দ্ৰ কুমাৰ শৰ্মা, হাজো-গেৰুৱা কৃষি চক্ৰৰ কৃষি বিষয়া কাশ্যপ পৰাগ বেজবৰুৱা,বংশৰ কৃষি চক্ৰৰ চক্ৰ বিষয়া ভাশ্বতি শৰ্মা, গেৰুৱা কৃষি চক্ৰৰ সহ সম্প্ৰসাৰণ কৰ্মী অভিজিত কলিতা প্ৰমুখ্যে বিভাগীয় বিষয়া কৰ্মচাৰী সকল।ইয়াৰ পাছত মন্ত্ৰী অতুল বৰাই দুদিন পূৰ্বে মৃত্যু হোৱা হাজোৰ বামুনবড়ীৰ জুলহাছ আলীৰ ঘৰলৈ গৈ পৰিয়ালটিৰ খবৰ লোৱাৰ লগতে মৃতকলৈ শ্ৰদ্ধা জনায়।

Also Read: গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মালৈ সেউজ সাংবাদিকতা বঁটা

ATUL BORA