/asomiyapratidin/media/media_files/2025/04/02/jb86V83UbFdipN71GEI4.jpg)
ভয়ংকৰ ঘটনা
ডিজিটেল সংবাদ শিলচৰ: শ্ৰীভূমিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পৰা কথমপি নিজক ৰক্ষা কৰিছে এগৰাকী যুৱতীয়ে। মঙ্গলবাৰে সন্ধিয়া বদৰপুৰৰ পৰা শ্ৰীভুমি লৈ গৈ থকা সময়ত সংঘটিত হয় এই ঘটনা।
গাড়ীৰ চালক আৰু দুজন যাত্ৰীৰ বিৰুদ্ধে দৰ্জা বন্ধ কৰি চলন্ত গাড়ীতে যুৱতী গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। পিছে বিপদৰ উমান পাই গাড়ীৰ পৰা যুৱতীক পথৰ দাঁতিত পেলাই গাড়ী লৈ পলায়ন কৰে অভিযুক্ত কেইজনে।
ইফালে, গাড়ীৰ চালক আৰু অন্য অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত নিশা শ্ৰীভূমি চহৰত পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে হিন্দুৰক্ষী দলে। আৰক্ষী আৰু চি আৰু পি এফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও বিফল হয়। পিছত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে মঙ্গলবাৰে নিশাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়াত শেষত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে প্ৰতিবাদকাৰী সকলে। আনহাতে, নিৰ্যাতিত যুৱতীগৰাকী শ্ৰীভূমি চিভিল হাস্পতালত চিকিৎসাধীন হৈছে। এই ঘটনাৰ পিছতে শ্ৰীভূমিত চেপা উত্তেজনা অব্যাহত আছে।