/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f2f953f3-b7fc-423b-ac3b-d7507e107789/AP_FOR_WEB_blur.jpg)
ডিজিটেল সংবাদ, মানকাছাৰঃ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা গাছবাৰীত অসমৰ কাজু ব্যৱসায়ীক অপহৰণৰ চেষ্টা । পিক আপ গাড়ী এখনেৰে ব্যৱসায়ীজন ৰাজ্যখনলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলেৰে আহি গাড়ীৰ সম্মুখত ৰখাই ব্যৱসায়ী জনক অপহৰণৰ চেষ্টা চলাইছিল তিনি অস্ত্ৰধাৰী এটা অপহৰণকাৰী দলে । আৰু গাড়ীৰ পৰা নমাই নিয়ে মানকাচৰৰ কাজু ব্যৱসায়ী আব্দু নুৰক । মানকাচাৰৰ পৰা গাড়ীৰে মেঘালয়ত কাজু কিনিবলৈ গৈ আছিল ।
তিনিও জন দুৰ্বৃত্তৰ হাতত আছিল পিষ্টল । কাজু ব্যৱসায়ীজন অপহৰণকাৰী দলৰ সৈতে মাৰপিটত লিপ্ত হয় । ফলত তিনি অপহৰণকাৰীয়ে তেওঁক বেয়াকৈ প্ৰহাৰ কৰি ঝৰ্ণাৰ মাজত পেলাই দিয়ে । কিছু সময়ৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক ।
ৰাইজক দেখি অপহৰণকাৰীৰ দলটো নিজৰ মটৰ চাইকেল এৰি পলায়ন কৰে । ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি মটৰ চাইকেল খন জব্দ কৰিছে । কাজু ব্যৱসায়ীজনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ।
Also Read: তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...