/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ATSA.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ অসম চাহ জনজনাতি ছাত্ৰ সন্থা, আটছাৰ মাৰ্ঘেৰিটা শাখাই শুকুৰবাৰে মাৰ্ঘেৰিটা মহকুমাধিপতিক মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত চাহ বাগিচ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ চুলাই মদৰ ঘাটীসমূহ বন্ধ কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জাগুন, লেখাপানী, লিডু, বৰগোলাই, ডিবং , বনগাওঁ, নামদাং, লালগোল্লাই, আদিৰ ওপৰিও চাহ বাগিচ অঞ্চলসমূহত ব্যাপক ৰূপত বিষাক্ত চুলাই মদৰ বেহা চলি আহিছে যদিও আবকাৰী বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ তুলিছে আটছায়।
অনতিপলমে চুলাই মদৰ ঘাটিসমূহ চিনাক্ত কৰি আবকাৰী বিভাগক অভিযান চলাবলৈ দাবী জনাইছে সংগঠনটোৱে। অন্যথা আটছাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে চুলাই মদৰ প্ৰতি আসক্ত হৈ চাহ বাগিছা অঞ্চলৰ লগতে অন্যান্য প্ৰান্ততত বিভিন্নজনে প্ৰাণহেৰুৱাব লগা হোৱাৰ লগতে গ্ৰাহস্থ্য অশান্তিৰ সৃষ্টি হৈ আহিছে। আবকাৰী বিভাগৰ একাংশ ধুৰন্ধৰ বিষয়া-কৰ্মচাৰী অবৈধ চুলাই মদ বেপাৰীৰ পকেটৰ গোলাম হোৱাৰো অভিযোগ উঠিছে। এইক্ষেত্ৰত মহকুমাধিপতিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে আটছায়।