ৰাষ্ট্রীয় ছিনিয়ৰ সাঁতোৰত ১৩ বছৰীয়া অভিলেখ ভংগ অসমৰ আস্থা চৌধুৰীৰ...

ৰাষ্ট্রীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ অভিলেখ। ১.০৩.০৭ মিনিট সময়েৰে নতুন ৰাষ্ট্রীয় অভিলেখ স্থাপন আস্থাৰ

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্রীয় ছিনিয়ৰ সাঁতোৰত ১৩ বছৰীয়া অভিলেখ ভংগ অসমৰ আস্থা চৌধুৰীৰ...

ডিজিটেল ডেস্ক : ৰাষ্ট্রীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ অভিলেখ। ১.০৩.০৭ মিনিট সময়েৰে নতুন ৰাষ্ট্রীয় অভিলেখ স্থাপন আস্থাৰ। মহিলাৰ ১০০ মিটাৰ বাটাৰ ফ্লাই ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে আস্থাই। ইয়াৰ উপৰিও ১৩ বছৰীয়া অভিলেখ ভংগ কৰিলে অসম কন্যা আস্থাই।

২০০৯ চনৰ আৰ্হাথা মেঘাবীৰ অভিলেখ ভংগ কৰিলে আস্থাই। ইফালে অসমৰ শিবাংগী শৰ্মা আৰু বিক্রম চাংমায়ো লাভ কৰিলে পদক। মহিলাৰ ২০০ মিটাৰ ফ্রী ষ্টাইলত শিবাংগী শৰ্মাৰ ৰূপৰ পদক লাভ। পুৰুষৰ ১০০ মিটাৰ বাটাৰ ফ্লাইত বিক্রম চাংমায়ে ৰূপৰ পদক লাভ কৰে।

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই একোৱাটিক ষ্টেডিয়ামত যোৱা ৬ আগষ্টৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্রীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়মশ্বিপ প্ৰতিযোগিতা। অহা ১০ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে এই প্ৰতিযোগিতাৰ অন্ত পৰিব।

assam national aquatic championship guwahati