/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/pr.jpg)
ডিজিটেল সংবাদ,নগাঁও: " চাওতাল জনগোষ্ঠীক বনিয়াৰ হাতত গতাই দিব বিচৰা ষড়যন্ত্ৰ সহ্য কৰা নহ'ব " এই বক্তব্য নগাঁও চাওঁতাল ছাত্ৰ সন্থাৰ ৷
নগাঁৱত সোমবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰিলে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা একাধিক সংগঠনে ৷ সদৌ চাওতালী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আঞ্চলিক মাঝি ও চাওতালী বিভিন্ন দল সংগঠনৰ সহযোগত দুপৰীয়া ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় নগাঁও চহৰত ৷
নেহৰুবালিৰ পৰা চাওঁতালী জনগোষ্ঠীয় সাংস্কৃতিক প্ৰতিবাদী সমদলটোত পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ ৬ দফীয়া দাবীৰে সমদল কৰি প্ৰতিবাদকাৰীয়ে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ পিছত জিলা উপায়ুক্তৰ ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
আৰু পঢ়ক: ক'লৈ গ'ল জিতু দাস? মাতৃৰ হিয়া ভগা কান্দোন, ১৯ দিন ধৰি নিৰুদ্দেশ…