/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/279f18b7-31ff-4079-a66a-bce4588e3424/230.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : অগণন ভকত বৈষ্ণৱ সেৱকৰ উপস্থিতিৰে সমন্বয়স্থলী ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয় দিন। শনিবাৰে দিনত অনুষ্ঠিত হোৱা সাহিত্য শাখা সমিতিৰ মুকলি সভাৰ পিছতে মূল মঞ্চত দিনৰ ২-০০ বজাত সংস্কৃতি শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/eedd721c-9127-45b8-bb38-176709060dff/33244c93_f846_4d58_97dc_c968d64d5c46.jpg)
এই সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বসুন্ধৰ ডেকাই। সংস্কৃতি শাখা সমিতিৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাই সভাপতিত্ব কৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/24ce7c46-06aa-4391-b5f8-8068de900142/73a2c4c4_05ee_40a3_b4fe_46fd518b0b46.jpg)
দৈমাৰীয়ে কয়- গুৰুজনাই সাহিত্য সংস্কৃতিৰ লগতে জগতখনৰ বাবে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল; কিন্তু জগতখনৰ বাবে গুৰুজনাৰ লগতে মাধৱদেৱে যি অৱদান আগবঢ়াই থৈ গ'ল তাক বাদে অন্য দ্বিতীয়,তৃতীয় মহাপুৰুষ সৃষ্টি নহ'ল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে সংস্কৃতি শাখা সমিতিৰ উপ সভাপতি ডাঃ নৱকৃষ্ণ ৰাজখোৱাৰ লগতে বিশিষ্ট অতিথি হিচাপে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মূখ্য সচিব বিশ্বৰঞ্জন শ্যামল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ সহযোগী অধ্যাপক ড° যাদৱ চন্দ্ৰ বৰা, পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা,প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাকে ধৰি সংঘৰ কেইবাগৰাকীও বিষয়ববীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/177bfd81-2d6f-45fb-9b72-ace850964eba/088a926f_069d_491e_a7e7_1fefd125171d.jpg)
আনহাতে অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি সংস্কৃতি শাখা সমিতিৰ মুকলি সভাৰ পিছতে সন্ধিয়া সমূহীয়া প্ৰাৰ্থনা,নাম প্ৰসংগ আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। সাংস্কৃতিক সমাৰোহ মুকলি কৰে বিশিষ্ট শিল্পী তথা আৰ জে বি কলেজৰ সহযোগী অধ্যাপক ড° মল্লিকা কন্দলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4c71781b-2d75-41c6-9a80-ff648e711645/79d5d702_46ce_42f3_a5fd_48d7a80a6e08.jpg)
ইয়াৰ পিছত নিশা শংকৰদেৱ সংঘ অধিৱেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰৰ নাটঘৰত বায়ন বিশাৰদ বেদনিধি বৰদলৈয়ে নাট উদ্বোধন কৰাৰ লগে লগে অংকীয়া নাট প্ৰদৰ্শন হয়। শেষত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত প্ৰতিনিধি সভাকক্ষত প্ৰতিনিধি সভাৰে অধিৱেশনৰ দ্বিতীয় দিনা সামৰণি পৰে।
Also Read: টেঙাখাতত পোৱালী নাহৰফুটুকী উদ্ধাৰ