/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/assam-book-of-records.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ পাণ্ডু , আমেৰিকান কলনীৰ এগৰাকী সমৰ কলাৰ ছাত্ৰীয়ে ৬০ ছেকেণ্ডত ১০৩ টা কাৰাটে কিক কৰি ৰজ্যৰখনৰ ভিতৰত প্ৰথম ছোৱালী হিচাপে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
শ্ৰী আশীষ পাল আৰু শ্ৰীমতী মাধবী পালৰ জ্যেষ্ঠ কন্যা অস্মিতাই পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা পদক অৰ্জন কৰি অসমৰ সুনাম কঢ়িয়াই আনিছিল।
শুকুৰবাৰে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সঞ্চালক মাননীয় শ্ৰীযুত অভিজিত সিনহাই অস্মিতাক প্ৰমাণ পত্ৰ অৰ্পন কৰে। সমৰ কলাৰ ছাত্ৰী গৰাকীৰ এই সাফল্যৰ বাবে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us