মেঘালয়ত দৃশ্যগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পীৰ দলক নংষ্ট্ৰেইনত লুটপাত…

মেঘালয়ত দৃশ্যগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পীৰ দলক নংষ্ট্ৰেইনত লুটপাত…

author-image
asomiyapratidin
New Update
শিথিল কৰা হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনঃ চাওঁক সান্ধ্য আইনৰ নতুন সময়….

ডিজিটেল ডেস্কঃ অসমৰ শিল্পী দলক মেঘালয়ৰ নংষ্ট্ৰেইনৰ সমীপত লুটপাত। নংষ্ট্ৰেইনৰ পৰা শ্বিলং যোৱা পথত সংঘটিত হৈছে এই ঘটনা। উদিয়মান শিল্পী ৰাম কিষাণৰ গীত এটিৰ দৃশ্যগ্ৰহণৰ বাবে গৈছিল শিল্পীৰ দলটো মেঘালয়লৈ।

Advertisment

তিনিটা দুৰ্বৃত্তই শিল্পী দলটোৰ পৰা লুট কৰে ধন। ৰঙা ৰঙৰ এল্ট'ৰে বাট আগচি ধৰি দাবী-ধমকিৰে লুটি নিয়ে প্ৰায় ৬ হাজাৰ টকাৰ নগদ ধন । ৯ জনীয়া শিল্পীৰ দলটো গৈছিল দুখন বাহনেৰে। অভিনেত্ৰী প্ৰিয়ংকা শইকীয়াও আছিল শিল্পীৰ দলটোত।

নৃত্য পৰিচালক মনোজ মনৰ চচমা কাঢ়ি নিয়ে দুৰ্বৃত্তই। জানিব পৰা মতে দৃশ্যগ্ৰহণৰ সময়ত দৃশ্যগ্ৰহণস্থলিত উপস্থিত আছিল এটা দুৰ্বৃত্ত। মদ্যপান কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল দৃশ্যায়নৰ সময়ত। ম'বাইলত আবদ্ধ দুৰ্বৃত্ত এটাৰ ভিডিঅ'। সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে শিল্পীৰ দলটোৱে।