/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3209e2b3-f8ec-4c00-a616-1bddee792095/AP_Thumbnail_Bihu.jpg)
ডিজিটেল ডেস্ক: অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী। চৌপাশে এতিয়া ৰঙালীক আদৰাৰ আখৰা। ডেকা-গাভৰো যদি ব্যস্ত বিহুৰ আখৰাত, গাঁৱৰ ন-বোৱাৰী সকল আকৌ ব্যস্ত জলপানৰ ধান শুকোওৱাত, কোনো আকৌ ব্যস্ত হেঁপাহৰ বিহুৱান খনত।
মুঠৰ ওপৰত ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বহাগৰ আগমনৰ লগে লগে গামোছাত সপোন ৰচিছে অসমীয়া শিপীনিয়ে। এইয়া সৰুক্ষেত্ৰীৰ আমৃখোৱাৰ ছবি। শিপীনি সকলক এইদৰে দেখা গ'ল তাঁতৰ শালত।
Also Read: স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা