/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/Nagaon.jpg)
ডিজিটেল সংবাদ,নগাঁও: ড্ৰাগছ বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁও আৰক্ষীয়ে আয়োজন কৰা ছুটি ছবি প্ৰতিযোগিতাত স্থান লাভ কৰা সকলৰ মাজত মঙ্গলবাৰে পুৰস্কাৰ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বঁটা বিতৰণী অনুষ্ঠানটো ৷
ড্ৰাগছৰ বিৰুদ্ধে নৱপ্ৰজন্মৰ মাজত সজাগতা তথা ড্ৰাগছৰ বিৰুদ্ধে জনমত গঠন কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা,অভিনেতা ৰবি শৰ্মা,তথ্যচিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক পাৰ্থজিত বৰুৱা,নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দ'লেকে প্ৰমুখ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰী সকলৰ উপৰিও বহু সংখ্যক নগাঁও আৰক্ষীৰ লোক ৷
এই প্ৰতিযোগিতাত তিনিখনকৈ ছুটি ছবিয়ে শ্ৰেষ্ঠ ছবিৰ সন্মান বুটলাৰ লগতে চাৰিখন ছুটি ছবিয়ে লাভ কৰে বিচাৰকৰ বিশেষ বঁটা ৷ প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে পৰিচালক জেমীৰ দ্বাৰা নিৰ্মিত"ফ্লেছবেক", দ্বিতীয় স্থান লাভ কৰে পৰিচালক জ্যোতি গগনৰ " আনটাইটেল", তৃতীয় স্থান অধিকাৰ কৰে পৰিচালক হিৰক জ্যোতি নাথৰ " ড্ৰাগছ কিল দ্যা নিউ জেনেৰেশ্যন" নাম চুটি ছবি কেইখনে। ইয়াৰ উপৰিও জুৰিৰ বিশেষ বঁটা লাভ কৰে গৌৰাংগ বৰাৰ "চ'ইছ", সাংবাদিক বিশ্বজিৎ দাসৰ "আনটাইটেল" , উৎপল কলিতাৰ "অনৰ্ভ্ৰ" আদি নাম চুটি ছবি কেইখনে।
আৰু পঢ়ক:আইনী ব্যৱস্থাৰ বৃহৎ প্ৰত্যাহ্বান; ন্যায়ালত ৪.৭০ কোটি নিষ্পত্তিবিহীন গোচৰ, ন্যায় বঞ্চিত ৪০ কোটি লোক